ক’ৰ’না ভাইৰাছৰ বাবে  অচল হ’ব ভাৰত ! অডিঅ’ ক্লিপত ভুৱা প্ৰচাৰ

ক’ৰ’না ভাইৰাছৰ বাবে অচল হ’ব ভাৰত ! অডিঅ’ ক্লিপত ভুৱা প্ৰচাৰ

ক’ৰ’না ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ভাৰত বন্ধ অথবা অচল হৈ পৰিব বুলি অজ্ঞাত লোকে এটা অডিঅ’ ক্লিপ ৱাটছএপৰ মাধ্যমেৰে বিয়পাই দিছে ৷ স্বাভাৱিকতে এই অডিঅ’ ক্লিপে বহুতৰ মনত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে ।আনহাতে, এই অডিঅ’ ক্লিপৰ সত্যাসত্য নাই বুলি দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ক্লিপটো ভুৱা বুলি উল্লেখ কৰি ভাৰত চৰকাৰৰ অধীনৰ প্ৰেছ ইনফৰমেচন ব্যুৰ’ৱে কয় যে এই ক্লিপৰ তথ্য সম্পূৰ্ণৰূপে ভুৱা আৰু প্ৰেৰণকাৰীয়ে আতংক সৃষ্টিৰ উদ্দেশ্য এই ক্লিপ বিয়পাইছে ৷

আনহাতে, ক্ৰমাৎ ভাৰততো ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ শেহতীয়া তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশত এজন, দিল্লীত সাতজন, হাৰিয়ানাত ১৪ জন(বিদেশী নাগৰিক), কৰ্ণাটকত ছজন, কেৰালাত ২২জন, মহাৰাষ্ট্ৰত ৩২জন, পঞ্জাৱত এজন, ৰাজস্থানত দুজন, তামিলনাডুত এজন, তেলেংগানাত তিনিজন, জম্মু-কাশ্মীৰত দুজন, লাডাখত তিনিজন, উত্তৰ প্ৰদেশত ১২জন আৰু উত্তৰাখণ্ডত এজন লোক আক্ৰান্ত হৈছে ৷

এনেদৰে মুঠতে ভাৰতত এই জটিল ৰোগত ৯৩জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে ১৭জন বিদেশী নাগৰিক ৷ তদপৰি এগৰাকী মহিলাসহ দুজন ভাৰতীয় লোকে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে?৷ ইপিনে, পৰিস্থিতি ভয়াবহ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে কূটনৈতিক বিষয়াবৰ্গ, ৰাষ্ট্ৰসংঘ আৰু আন্তঃজাতিক সংস্থাৰ প্ৰতিনিধিক বাদ দি সকলো ভিছা সাময়িকভাবে বাতিল কৰিছে ৷ এই বাতিলৰ ম্যাদ অহা ১৫এপ্ৰিললৈ প্ৰযোজ্য হৈ থাকিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Hawker knocked down by speeding car in Jorhat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com