Begin typing your search above and press return to search.

চিকিৎসাধীন হৈ থাকোতে নেটফ্লিক্স চাইছিলো-প্ৰাণায়াম কৰিছিলোঁ : ক’ৰ’না ভাইৰাছ আক্ৰান্ত

চিকিৎসাধীন হৈ থাকোতে নেটফ্লিক্স চাইছিলো-প্ৰাণায়াম কৰিছিলোঁ : ক’ৰ’না ভাইৰাছ আক্ৰান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 March 2020 11:47 AM GMT

“ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মই চিকিৎসাধীন হৈ থাকোঁতে নেটফ্লিক্স চাই আৰু প্ৰাণায়াম কৰি সময় অতিবাহিত কৰিছিলো"৷ এই মন্তব্য দিল্লীৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ ৷ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত তেওঁক দিল্লীৰ ছফদৰজুং চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷এই চিকিৎসালয়ত থকা সা-সুবিধা এখন বিলাসী হোটেলতকৈ কোনো গুণে কম নহয় বুলি মন্তব্য কৰি তেওঁ আৰু কয় “ মই চিকিৎসাধীন অৱস্থাত ম’বাইল ফোনত নেটফ্লিক্স চোৱাটোৱে আৰু প্ৰাণায়াম কৰাটোৱে মোৰ মনোবল বৃদ্ধি কৰে ৷" আনহাতে, এই জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত তেওঁলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ফোন কৰি অৱস্থাৰ বুজ লৈছিল বুলি কয় ৷ “ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে মোলৈ ফোন কৰি হোলীৰ শুভেচ্ছা জনাইছিল আৰু মোৰ স্বাস্থ্যৰ অৱস্থা বুজ লৈছিল ৷ এয়া মোৰ বাবে এক অপ্ৰত্যাশিত সুখানুভূতি আছিল ৷"- লোকজনে এইদৰে কয় ৷ তেওঁ লগতে কয় যে তেওঁৰ সংক্ৰমণ জটিল নাছিল ৷ এই কথা তেওঁক চিকিৎসকে জনাইছিল আৰু আৰোগ্য হ’ব বুলিও কৈছিল ৷ সেই অনুসৰি তেওঁ আৰোগ্য হয় ৷ আৰোগ্য হোৱাৰ সময়ত তেওঁ নেটফ্লিক্স চাইছিল আৰু প্ৰাণায়াম কৰিছিল ৷

আনহাতে , প্ৰায় সমগ্ৰ বিশ্বজুৰি ক’ৰ’না ভাইৰাছে যি সংহাৰ মূৰ্তি ধাৰণ কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুগপট প্ৰচেষ্টাৰে ক’ৰ’না ভাইৰাছ নাশৰ বাবে 'ছাৰ্ক’ ৰাষ্ট্ৰসমূহলৈ অলপতে জনোৱা আহ্বানে ইতিবাচক সঁহাৰি লাভ কৰিছে ৷ মোদীৰ আহ্বানত ছাৰ্ক ৰাষ্ট্ৰসমূহে ক’ৰ’না ভাইৰাছৰ সংহাৰ ৰোধৰ লক্ষ্যৰে এক জৰুৰী পুঁজি গঠন কৰিবলৈ লৈছে ৷ দেওবাৰে ভাৰতে এই পুঁজিৰ বাবে ১০নিযুত ডলাৰ আগবঢ়ায় ৷

অন্য খবৰৰ বাবে পঢ়ক: ভুৱা ফাৰ্মাচিষ্টে চলোৱাৰ অভিযোগঃ ৰাজ্যত ১,৩৭৪খন ফাৰ্মাচীৰ পঞ্জীয়ন বাতিল

ভিডিঅ প্ৰতক্ষ্য কৰক: East Siang District Administration in Arunachal Pradesh cautious over corona virus

Next Story
চাকৰি