Begin typing your search above and press return to search.

বিশ্বনাথত আৰক্ষীৰ জালত ভূৱা মাৰ্কশ্বিত আৰু চাৰ্টিফিকেট যোগান ধৰা চক্ৰৰ এজন লোক

বিশ্বনাথত আৰক্ষীৰ জালত ভূৱা মাৰ্কশ্বিত আৰু চাৰ্টিফিকেট যোগান ধৰা চক্ৰৰ এজন লোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2019 1:27 PM GMT

বিশ্বনাথত আৰক্ষীৰ জালত ভূৱা মাৰ্কশ্বিত আৰু চাৰ্টিফিকেট যোগান ধৰা চক্ৰৰ এজন লোক।ৰাজ্যত বিভিন্ন সময়ত পোহৰলৈ আহে ভূৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট যোগানৰ কাণ্ড । এই সন্দৰ্ভত ইতিমধ্যে বহু লোক আটকো হৈছে আৰক্ষীৰ হাতত । কিন্তু তথাপিও বন্ধ হোৱা নাই ভূৱা মাৰ্কশ্বিত আৰু চিৰ্টিফিকেট বিক্ৰী কৰা চক্ৰ ।

ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে ভূৱা মাৰ্কশ্বিত আৰু চাৰ্টিফিকেট যোগান ধৰা চক্ৰ ৷ধনৰ বিনিময়ত HSLC ত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক যোগান ধৰে এই ভূৱা মাৰ্কশ্বিত আৰু চাৰ্টিফিকেট ৷ বিশ্বনাথ আৰক্ষী অধীক্ষকে কয় যে যোৱা ১০ চেপ্তেম্বৰত তেওঁলোকে এক অভিযোগ লাভ কৰিছিল । অভিযোগ মৰ্মে স্হানীয় কিছুমান মানুহে চেবাৰ পৰা ভুৱা মাৰ্কশ্বিত আৰু চাৰ্টিফিকেট আনি যি বিলাক ছাত্ৰ ছাত্ৰীয়ে বিচাৰে তেওঁলোকক যোগান ধৰে ।

এজাহাৰৰ ভিত্তিতেই বিশ্বনাথ আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল আৰু অৱশেষত আটক কৰিছিল দুজন লোক । আটক কৰা দুজন লোকৰ ভিতৰত এজন কিশোৰ আছিল । আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনেৰ মন্তব্য অনুসৰি ঘটনাটোৰ মূল অভিযুক্ত আছিল নিৰ্মল গোৱাল (৩০ ) । নিৰ্মল গোৱাল বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীৰ বাসিন্দা।

নিৰ্মল গোৱালা নামৰ বিশ্বনাথ চাৰিআলি বালিপুখুৰীৰ চক্ৰটোৰ সদস্য জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিশ্বনাথ আৰক্ষী ।

আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে কয় যে বিষয়টো সম্পৰ্কত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । লগতে এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে অনুসন্ধান অব্যাহত ৰখা বুলি ব্যক্ত কৰিছে বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে ৷

অধিক খবৰৰ বাবে পঢ়ক:২০% ব’নাছৰ দাবীত ডুমডুমা বাদলাবেটা চাহ বাগিছাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:6 trains cancelled by NFR from Sep 27 to 28 due to Sinkage in Railway tracks

Next Story
চাকৰি