ভাৰতৰ লোকসভা নিৰ্বাচন: ফেছবুকৰ পদক্ষেপ

ভাৰতৰ লোকসভা নিৰ্বাচন: ফেছবুকৰ পদক্ষেপ

ভাৰতৰ লোকসভা নিৰ্বাচন ২০১৯ সমাগত । ছছিয়েল মেডিয়াৰ সমস্যাটো হৈছে যে ই অতি সহজেই ভূল তথ্য আৰু বাতৰিৰ প্ৰতি স্পৰ্শকাতৰ হৈ পৰে । আজি আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম যি কেইটাৰ যোগেদি ছছিয়েল মেডিয়াত প্ৰচলিত থকা ভূল তথ্য আৰু বাতৰিয়ে যাতে এই মাধ্যমৰ একো ক্ষতি কৰিব নোৱাৰে তাক সুনিশ্চিত কৰিব ।

* ফেচবুকৰ যোগেদি মানুহক সজাগ হৈ থাকিবৰ বাবে শিক্ষিত আৰু সৱলীকৰন কৰা ।

* চৰকাৰ আৰু জনসাধাৰণৰ লগত একেলগে কাম কৰা ।

What's app ৰ সহজ সুবিধাসমূহ:

What's app এ কিছুমান নতুন সুবিধা অন্তৰ্ভুক্ত কৰিছে । যাৰ সহায়ত আমি কিছুমান বিশেষ "লেবেল " বিভিন্ন জনলৈ পঠিয়াব পাৰো । এনেদৰে পঠিওৱা বাৰ্তা সমূহ ভালদৰে নিৰীক্ষণ কৰাৰ সুবিধাও what's app এ অন্তৰ্ভুক্ত কৰিছে ।

What's app ৰ যোগেদি অহা তথ্য আলোকচিত্ৰ সমূহৰ উৎসও বিশ্বাসযোগ্য হব লাগিব নহলে সেই আলোক চিত্ৰ সমূহক ভূল তথ্য হিচাপে গন্য কৰা হব । সজাগতা সৃষ্টিৰ বাবে what's app এ এক নতুন শ্লোগানে উলিয়াইছে । " আনন্দৰ ভাগ বতৰা কৰা , উৰাবাতৰিৰ নহয় ।" ( share joy, not rumours) যিটো বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰিছে। what's ap যোগে গোট সমূহৰ লৈ কিছুমান নতুন সুবিধা কৰিছে , যাৰদ্বাৰা বাৰ্তা সমূহৰ গোপনীয়তা নিজৰ বা গোটৰ চালকজনৰ অধীনত ৰাখিব পাৰি যাতে ভূলতথ্য আৰু উৰাবাতৰি বন্ধ হব ।

What's app ৰ সীমাবদ্ধতা:

What's app এ আজিকালি বাৰ্তা সমূহ পঠিওৱাৰ সংখ্যা এবাৰত কেবল মাত্ৰ পাচটা গোটলৈ সীমাবদ্ধ কৰিছে । what's app এনে এটা এপ্লিকেশ্যন যাৰ উল্লেখযোগ্য উদ্দেশ্যটোৱেই হল ভাগ-বতৰা । এই নতুন সুবিধা টোৱেই বাৰ্তা প্ৰেৰণ কৰাৰ সীমাবদ্ধতা আনি দিছে । কিছু কিছু ঠাইত হোৱা কিছুমান অপ্ৰীতিকৰ ঘটনাৰ কাৰনো ভূল তথ্য আৰু উৰাবাতৰি হব পাৰে ।

ফেচবুকেও একেধৰণে চেষ্টা চলাই আহিছে , যাতে তেওঁলোকেও ফেচবুকৰ পৰা ভূল তথ্য সমূহ আঁতৰাব পাৰে । ইয়াত উপলব্ধ থকা মিছা একাউণ্ট সমূহ সাধাৰণতে ৰাজনৈতিক মতামত দিবৰ বাবে বা ভোটাৰৰ মন সলনি কৰাৰ বাবে ব্যৱহাৰ কৰা হয় । এনে একাউণ্টত সমুহ ফেচবুকে আতৰোৱাৰ ব্যবস্থা কৰিছে। ফেচবুকে এইটো নিশ্চিত কৰিছে যে এতিয়াৰ পৰা ইয়াৰ ব্যৱহাৰকাৰীয়ে ফেচবুকে কেনেদৰে কাৰ্যসমূহ সম্পাদন কৰে তাৰ বিষয়ে এটি স্পষ্ট ধাৰণা পাব ।

অন্য খবৰৰ বাবে পঢ়ক: ফেচবুক আৰু উৰাবাতৰিৰ প্ৰচাৰ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com