Begin typing your search above and press return to search.

ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধিৰ পিছত পানীৰ তলত ফেন্সী আৰু উজান বজাৰ

ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধিৰ পিছত পানীৰ তলত ফেন্সী আৰু উজান বজাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 8:11 AM GMT

ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধিৰ পিছত পানীৰ তলত ফেন্সী আৰু উজান বজাৰ ৷ ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জনসাধাৰণৰ জীৱনত বিভীষিকাৰ সৃষ্টি কৰিছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ সম্প্ৰতি ক্ৰমাৎ বৃদ্ধি পাইছে ৷লগতে নদীখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে মহানগৰখনলৈ তীব্ৰ ভাবুকি সন্মুখীন হৈছে ৷জল সম্পদ বিভাগৰ এক বিশেষ তথ্য অনুসৰি নদীখনৰ জলস্তৰ প্ৰতি ঘন্টাত ৪.৫ চেন্টিমিটাৰকৈ বৃদ্ধি পাইছে ৷

সোমবাৰে বিয়লে পাঁছ বজালৈকে নদীখনৰ জলস্তৰ ৫০.৯৩ মীটাৰ বৃদ্ধি পাইছে ৷ইফালে চুনচালী ঘাট,উজান বজাৰৰ মাছৰ বজাৰ,ভৰলুমুখৰ মনসা গলী,ভুতনাথ কবৰস্থানৰ এটি অংশ,পাণ্ডু ষ্টেশ্যন কল’নী,পাণ্ডুৰ পুৰণি বজাৰ,মন্দিৰ ঘাট, ৪নং কলনী,গাড়িগাঁৱৰ এটি অংশ নদীয়ে জলমগ্ন কৰিছে ৷

লগতে ব্ৰহ্মপুত্ৰই জলমগ্ন কৰিছে চন্দ্ৰপুৰ আৰু মৰিগাঁৱৰ পথক ৷অন্যহাতে সোনাপুৰত দিগাৰু আৰু কলং নদীৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷সোনাপুৰত কচুতলী আৰু দিগাৰুপাৰ দিগাৰু নদীৰ পানীয়ে প্ৰভাৱিত কৰিছে ৷আনহাতে বৰঘুলী,বৰপাক আৰু বেলতল অঞ্চলটো কলং নদীৰ পানীয়ে জলমগ্ন কৰিছে ৷ইফালে এই অঞ্চলসমূহৰ অধিকাংশ পৰিয়ালৰ কৃষি ভূমি,ধন,জন সকলো বানপানীয়ে উটুৱাই নিছে ৷ইফালে পবিতৰা আৰু ক্ষেত্ৰী আৰু মালাইবাৰীলৈ বানে সংশয়ৰ সৃষ্টি কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: গুৱাহাটীস্থিত ফেন্সী বজাৰলৈ নামি আহিছে তীব্ৰ প্ৰত্যাহ্বান

Next Story