Begin typing your search above and press return to search.

গুৱাহাটীস্থিত ফেন্সী বজাৰলৈ নামি আহিছে তীব্ৰ প্ৰত্যাহ্বান

গুৱাহাটীস্থিত ফেন্সী বজাৰলৈ নামি আহিছে তীব্ৰ প্ৰত্যাহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2019 9:23 AM GMT

গুৱাহাটীস্থিত ফেন্সী বজাৰলৈ নামি আহিছে এক তীব্ৰ প্ৰত্যাহ্বান ৷ কাৰণ যিকোনো মুহুৰ্ততে জলমগ্ন হ’ব পাৰে ফেন্সী বজাৰ ৷ ব্ৰহ্মপুত্ৰৰ পানী সম্প্ৰতি ফেন্সী বজাৰৰ পুল গলীৰ অৰ্থাৎ ফুল বিক্ৰী কৰা ঠাইৰ সীমা অতিক্ৰম কৰিছে ৷ যাৰ কাৰণে সেই অঞ্চলটোলৈ তীব্ৰ প্ৰত্যাহ্বান নামি আহিছে ৷ইফালে অঞ্চলটোৰ এমজি পথত তীব্ৰ ফাঁট দেখা গৈছে ৷

অন্যহাতে দেওবাৰে ৪ বজালৈকে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ নদীখনৰ জলস্তৰে ৫০.৩০ মিটাৰ অতিক্ৰম কৰিছে ৷ এক বিশেষ তথ্য অনুসৰি নদীখনৰ জলস্তৰ প্ৰতি ঘন্টাত দুই চেন্টিমিটাৰকৈ বৃদ্ধি পাইছে ৷ ইফালে এমজি পথটোৰে বিভিন্ন যান বাহন চলাচলত বাধা আৰোপ কৰাইছে প্ৰশাসনে ৷

ইফালে কালীপুৰত অৱস্থিত চক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মী নাৰায়ণ প্ৰতিমা নদীৰ বাঢ়নী পানীত ডুব গৈছে ৷সম্প্ৰতি ভগৱান আৰু দেৱীৰ কেৱল ওপৰৰ অংশটোহে ওলাই আছে ৷ দ্য চেন্টিনেলৰ লগৰ হোৱা কথা বাৰ্তাত কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে এমজি পথটোত গেমন ইণ্ডিয়াই সংস্থাপন কৰা কিছুমান দোষৰ কাৰণে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। অৱশ্য পি ডব্লিউ ডিৰ বিষয়াসকলে এই সন্দৰ্ভত যাৱতীয় কাম কাজ কৰি আছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যত কালৰূপ ধাৰণ কৰিছে বানপানীয়ে: ৩ মৃত্যু, ২ লাখ লোক বানৰ কৱলত

Next Story
চাকৰি