Begin typing your search above and press return to search.

ভাৰতীয় ক্ৰিকেটাৰ ইশান্ত শৰ্মাৰ পোষ্টত আশাৰাম বাপু, অনুৰাগীৰ খং দেখি আতঁৰালে ফটো

ভাৰতীয় ক্ৰিকেটাৰ ইশান্ত শৰ্মাৰ পোষ্টত আশাৰাম বাপু, অনুৰাগীৰ খং দেখি আতঁৰালে ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2019 12:55 PM GMT

ক্ৰিকেটাৰ ইশান্ত শৰ্মাৰ পোষ্টত আশাৰাম বাপু, অনুৰাগীৰ খং দেখি আতঁৰালে ফটো।

ক্ৰিকেটাৰ ইশান্ত শৰ্মাই টুইটাৰ আৰু ইনষ্টাগ্রামত দীপাৱলী উপলক্ষে পোষ্ট কৰা পৰিয়ালৰ ফটো অনুৰাগীৰ সমালোচনা আৰু তিৰস্কাৰৰ বাবে আঁতৰাই পেলাবলৈ বাধ্য হল। সমগ্ৰ বিশ্বৰ বহু ক্ৰিকেটাৰে টুইটাৰৰ‌ যোগেদি ভাৰতীয় অনুৰাগী সকলক ২৭ তাৰিখে উদযাপন কৰা দীপাৱলীৰ শুভকামনা প্ৰেৰণ কৰে । বহু অনুৰাগীয়ে তেওঁলোকৰ পোষ্ট সমূহত প্ৰত্যুত্তৰো দিয়ে । আন সকলো সকলো ক্ৰিকেটাৰৰ দৰে ভাৰতীয় দলৰ ফাষ্ট ব'লাৰ হিচাপে পৰিচিত ইশান্ত শৰ্মাইও শুভেচ্ছা বাৰ্তা দিছিল টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে।

দীপাৱলী উপলক্ষে শুভেচ্ছা বাৰ্তাটোত ইশান শৰ্মাই পোষ্ট কৰিছিল পত্নী আৰু পিতৃ মাতৃৰ সৈতে দীপাৱলীৰ এখন ফটো । লগতে ফটো খনত লিখিছিল যে , " সকলোকে দিপাৱলীৰ শুভেচ্ছা জনালোঁ আৰু আমালৈও নিৰাপদ দীপাৱলীৰ শুভেচ্ছা " ।

সকলোখিনি ঠিকেই আছিল। কিন্তু পৰিয়ালৰ ফটোখনত দেখিবলৈ পোৱা গল ঘৰৰ বেৰত আঁৰি থোৱা আছে এজন কাৰাবাস খাটি থকা বিতৰ্কিত বাবাৰ । অনুৰাগীৰ খঙৰ কাৰণো এইটোৱেই । ফটোখনত স্পষ্ট ভাবে দেখা গৈছিল বেৰত আঁৰি থোৱা বিতৰ্কিত ধৰ্মগুৰু আশাৰাম বাপুক। কিন্তু বিতৰ্কিত এই আশাৰাম বাপু নামৰ গুৰুজনে খাটি আছে আজীৱন কাৰাবাস। এগৰাকী কিশোৰী বলৎকাৰ কৰাৰ অপৰাধত বৰ্তমান যোধপুৰ কাৰাবাসত কাৰাবাস খাটি আছে এইজন বিতৰ্কিত ধৰ্মগুৰুৱে।

ভাৰতীয় ক্ৰিকেটাৰ ইশান্ত শৰ্মাই পোষ্ট কৰা ফটোখন আশাৰাম বাপুৰ‌ ফটো দেখাৰ লগে লগে খঙত অগ্নিশৰ্মা হৈ পৰে সকলো অনুৰাগী । শৰ্মাই এই বিতৰ্কিত তথা কাৰাবাস খাটি থকা ধৰ্মগুৰুৰ ফটো পৰোক্ষ ভাবে প্ৰচাৰ কৰাত অনুৰাগী সকলে তীক্ষ্ণ সমালোচনা আৰু তিৰস্কাৰ কৰে । লগে লগে ইশান্ত শৰ্মাই টুইটাৰৰ পৰা গুচাই পেলাই বিতৰ্ক সৃষ্টি কৰা ফটো খন। আনহাতে ইনষ্টাগ্ৰামৰ ফটো খনৰ একাংশ কাটি শ্বেয়াৰ কৰে। পাছত খেলুৱৈ জনে সাধৰন ভাৱে বাৰ্তা লিখি টুইটাৰত সকলোকে দীপাৱলীৰ শুভেচ্ছা জনায় ।

অধিক খবৰৰ বাবে পঢ়ক: হৰিনা চিকাৰ কৰিলে চিকাৰীয়ে , কিন্তু হৰিনাৰ আক্ৰমণত মৃত্যু হ’ল চিকাৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Incessant rains lead to flood in Nagaon’s Kampur

Next Story
চাকৰি