Begin typing your search above and press return to search.

চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছতো প্ৰায় ১৯ লাখ লোকৰ ভৱিষ্যত অনিশ্চিত

চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছতো প্ৰায় ১৯ লাখ লোকৰ ভৱিষ্যত অনিশ্চিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2019 4:16 AM GMT

চূড়ান্ত এনআৰচি প্ৰকাশৰ পিছতো প্ৰায় ১৯ লাখ লোকৰ ভৱিষ্যত অনিশ্চিত ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোক এতিয়াও অস্বীকৃত আদেশৰ পৰা অনিশ্চয়তাত আছে। ইয়াৰোপৰি চলিত বৰ্ষৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচি প্ৰকাশৰ সম্প্ৰতি দুমাহ অতিক্ৰম কৰিলে ৷ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিবিষ্ট কৰাৰ কাৰণে প্ৰায় ১৯,০৬,৬৫৭ জন লোকৰ নাম অযোগ্য হিচাপে পৰিগণিত হৈছে ৷এই লোকসকলে অস্বীকৃত আদেশ লাভ কৰাৰ পিছত এনআৰচিত নাম অন্তভূক্তিৰ কাৰণে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰিব ৷

এনআৰচিৰ কাৰণে প্ৰায় ৩.২৯ কোটি লোকে আবেদন কৰিছে। য’ত ৩.১১ কোটি লোকে অন্তিম সূচীত ঠাই পাইছে। চলিত বৰ্ষৰ ১৯ অক্টোবৰত প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলিকৰণৰ কথা কয় শীৰ্ষ আদালতে ৷ইয়াৰ পিছত সাত দিনৰ ভিতৰত অধিসূচনা জাৰি কৰিবলৈ কয় শীৰ্ষ আদালতে ৷অৱশ্য পিছত গৃহ মন্ত্ৰ্যালয়ে এই ক্ষেত্ৰত অধিক সময় বিছাৰে ।এক বিশেষ সূত্ৰই দ্য চেন্টিনেলৰ সন্মুখত কয় যে অসম চৰকাৰৰ পৰা এই সন্দৰ্ভত আদেশ পাবলৈ প্ৰায় এক সপ্তাহ সময়ৰ প্ৰয়োজন হ’ব ৷অৱশ্য প্ৰতীক হাজেলাই স্থানান্তৰিত হোৱাৰ প্ৰাকমুহুৰ্তত উপায়ুক্ত আৰু চাৰ্কল বিষয়াক অস্বীকৃত আদেশৰ ক্ষেত্ৰত বিস্তৃত নিৰ্দেশ দিব ৷লগতে অস্বীকৃত আদেশ কেতিয়া আৰু কেনেকৈ দিব সেই বিষয়েও উল্লেখ থাকিব ৷ইয়াৰ পিছত এনআৰচিৰ কৰ্তৃপক্ষই বিজ্ঞাপনৰ মাধ্যমেৰে বিস্তৃত বিৱৰণ প্ৰদান কৰিব।

ল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

অন্য খবৰৰ বাবে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এনআৰচিৰ ন্যায়িক তদন্তৰ দাবী

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Next Story
চাকৰি