Begin typing your search above and press return to search.

‘মই অসমীয়া” শীৰ্ষক কবিতাৰ বিকৃত ব্যাখ্যা কৰা অধ্যাপিকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ

‘মই অসমীয়া” শীৰ্ষক কবিতাৰ বিকৃত ব্যাখ্যা কৰা অধ্যাপিকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2020 11:19 AM GMT

‘মই অসমীয়া” শীৰ্ষক কবিতাৰ বিকৃত ব্যাখ্যা কৰা অধ্যাপিকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ

সু-সাহিত্যিক, একাধিক মূল্যবান গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভৰাল চহকী কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ স্কুলীয়া পাঠ্যপুথিত অন্তৰ্ভুক্ত ‘মই অসমীয়া” শীৰ্ষক কবিতাটিৰ বিকৃত ব্যাখ্যা আগবঢ়াই তুমুল বিতৰ্কৰ সূচনা কৰা এগৰাকী অধ্যাপিকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থা(আছু)ই।সন্থাৰ যোৰহাট জিলা সমিতিয়ে এই দাবী উত্থাপন কৰি সৰব হৈ উঠিছে। অভিয়োগ অনুসৰি মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৰূপাৰাণী ভূঞাই বহুপঠিত ‘মই অসমীয়া” শীৰ্ষক কবিতাৰ বিকৃত ব্যাখ্যা কৰে ফে’চবুকত। কিছুদিন পূৰ্বে তেওঁ নিজৰ ফে’চবুক একাউণ্টত কবিতাটোৰ আধা অংশ আপলোড কৰি বিতৰ্কিত ব্যাখ্যা আগবঢ়ায়। ইয়াক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটে। বহু লোকে একেমুখে অধ্যাপিকাগৰাকীক ধিক্কাৰ আৰু গৰিহণা দিয়ে। সৰব হৈ উঠে ৰাজ্যৰ পঢ়ুৱৈ সমাজ।ইপিনে, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ইছমাইল আলীয়ে অধ্যপিকাগৰাকীৰ বিৰুদ্ধে মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: মণিপুৰ : ক’ৱিড-১৯বিৰোধী যোদ্ধাসকলক সাহায্য প্ৰদান মাও সম্প্ৰদায়ৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Tags

Next Story