Begin typing your search above and press return to search.

গোলাঘাটত ড্ৰাগচ ব্যৱসায়ৰ লগত জৰিত মহিলাক গ্ৰেপ্তাৰ

গোলাঘাটত ড্ৰাগচ ব্যৱসায়ৰ লগত জৰিত মহিলাক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jun 2019 9:29 AM GMT

গোলাঘাটত ড্ৰাগচৰ সন্দৰ্ভত বহু বিৰোধৰ পিছত আৰক্ষীয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে ৷ বুধবাৰে এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি আৰক্ষীয়ে ড্ৰাগচ ব্যৱসায়ৰ লগত জৰিত তিনিগৰাকী মহিলাক ফৰকাটিঙৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা কেইগৰাকী মীৰ্ফা বেগম, হাছমা বেগম আৰু মুফিনা বেগম বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ উপ অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই কয় যে গ্ৰেপ্তাৰ কৰা মহিলা কেইগৰাকীক সম্প্ৰতি এই বিষয়টো সন্দৰ্ভত সোধ পোচ কৰি থকা হৈছে ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা মহিলা কেইগৰাকীৰ পৰা ২ কিলো ভাং,০.০৮ গ্ৰাম ব্ৰাউন চুগাৰ,৫৯,০০০ হাজাৰ টকা,১০ টা মোবাইল, ৩০ খন নন জুডিচিয়েল ষ্টাম্প পেপাৰ জব্দ কৰে ৷

উল্লেখ্য যে,ড্ৰাগছসমূহ ট্ৰেইনেৰে ডিমাপুৰৰ পৰা বোকাজান,চিলনীজান,বৰপথাৰলৈ যায় ৷ জিলা খনত জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ অবহেলা আৰু অজ্ঞতাৰ বাবে অনৈতিক কাৰ্যকলাপৰ লগতে আৰু ড্ৰাগচ ব্যবসায় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা তিনি বছৰত সুৰাৰ ব্যবহাৰ লগতে ড্ৰাগচ, গুটকা আৰু বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বৃদ্ধি পাইছে গোলাঘাট জিলাত। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলকে মুকলিকৈ সুৰা সেৱন কৰাৰ লগতে ড্ৰাগচ সেবন কৰাৰ মাত্ৰা বৃদ্ধি পাইছে ।

এই ক্ষেত্ৰত অভিযোগ বহু বাৰ উত্থাপন হৈছে যদিও আৰক্ষী প্ৰশাসনে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । এই ক্ষেত্ৰত গোলাঘাটৰ সচেতন নাগৰিকে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ ওচৰত বহুবাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিভিন্ন সময়ত বহুতো ড্ৰাগচ ব্যবসায়ৰ লগতে অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু তাৰ পাছতো বিভাগীয় কতৃপক্ষয়ে গুৰুত্ব প্ৰদান কৰা নাই বুলি প্ৰকাশ কৰে ।

৯ জুনত গোলাঘাট আৰক্ষী থানাৰ অধিনত চান্দমাৰিৰ বাসগৃহত সঞ্জীৱ গোস্বামী নামৰ এজন ছাত্ৰ ড্ৰাগচ সেৱনৰ ফলত মৃত্যু হয় । সঞ্জীৱ গোস্বামীৰ মৃত্যুৰ পাছতে পৰিয়ালৰ লোকে ড্ৰাগচ সৰবৰাহকাৰী জ’জ’ এলিয়াচ আৰু মৃনাল গগৈ আৰু বিৰুদ্ধে গোচৰ তৰিছিল যদিও আৰক্ষী কোনো ব্যবস্থা গ্ৰহণ কৰা নাই । সঞ্জীৱ গোস্বামীৰ মৃত্যুত বহুতো সংস্থা আৰু সচেতন লোকে গোলাঘাট চহৰলৈ ওলাই আহি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । গোলাঘাট জিলাত ড্ৰাগচ মাফিয়া সকলৰ বিৰুদ্ধে আৰক্ষী আৰু জিলা প্ৰশাসনৰ ভূমিকাত ক্ষুদ্ধ হৈ পৰিছে সচেতন নাগৰিক ।উল্লেখ্য যে, ড্ৰাগছ ব্যৱসায়ীসকলক উৎখাত কৰিবৰ কাৰণে জনসাধাৰণ আৰু আৰক্ষী দুয়োটা সমৰ্থনৰ আৱশ্যক ৷

অন্য খবৰৰ বাবে পঢ়ক : গোলাঘাটত ড্ৰাগচ মাফিয়া আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰব সচেতন নাগৰিক

Next Story
চাকৰি