Begin typing your search above and press return to search.

ফিল্মফেয়াৰ এৱাৰ্ড ২০২০: ৰণবীৰ সিং আৰু আলিয়া ভটে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰীৰ বঁটা

ফিল্মফেয়াৰ এৱাৰ্ড ২০২০: ৰণবীৰ সিং আৰু আলিয়া ভটে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰীৰ বঁটা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Feb 2020 11:03 AM GMT

ফিল্মফেয়াৰ এৱাৰ্ড ২০২০: ৰণবীৰ সিং আৰু আলিয়া ভটে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰীৰ বঁটা।১৫ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড। বলিউডৰ বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অংশ গ্ৰহণ কৰে এই ফিল্মফেয়াৰ এৱাৰ্ডত । এই ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত ৰণবীৰ সিং আৰু আলিয়া ভটৰ ছবি 'গলী বয়' এ লাভ কৰে শ্ৰেষ্ঠ ছবিৰ বঁটা । ছবি খনত অভিনয় প্ৰদৰ্শন কৰা আলিয়া ভটে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰাৰ লগতে অভিনেতা ৰণবীৰ সিঙে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। এই ছবি খনত ৰণবীৰ সিঙে এজন‌ ৰেপৰৰ ভূমিকাত অভিনয় কৰিছিল। 'গলী বয়' ছবি খন বক্স অফিচত ছুপাৰ হিট হৈছিল। গলী বয় ছবি খনে ফিল্মফেয়াৰ এৱাৰ্ডত ১৩ টা পুৰষ্কাৰ লাভ কৰি এক নতুন ৰেকৰ্ড বনাবলৈ সক্ষম হয়। এই ছবি খনৰ নিৰ্দেশক জয়া আখটৰে লাভ কৰে শ্ৰেষ্ঠ নিৰ্দেশকৰ সন্মান । লগতে সিদ্ধান্ত চতুৰ্বেদী আৰু অমৃতা সুভাষে লাভ কৰে শ্ৰেষ্ঠ সহ: শিল্পী বঁটা।

আনহাতে অনুভৱ সিহ্নাৰ ছবি ' আৰ্টিকল ১৫' অ লাভ কৰে ' দা ক্ৰিটিকচ এৱাৰ্ড ফৰ দা বেষ্ট ফিল্ম' । শ্ৰেষ্ঠ ক্ৰিটিক এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা ( পুৰুষ) ৰ পুৰষ্কাৰ লাভ কৰে আয়ুস্মান খুৰানাই।

তদুপৰি শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে অনন্যা পাণ্ডে ষ্টুডেন্ট অফ দা ইয়েৰ ২ ৰ বাবে। শ্ৰেষ্ঠ গীতৰ কথা বঁটা লাভ কৰে ডিভাইন আৰু অংকিত টিৱাৰীয়ে গলি বয়ৰ গান ' অপনা টাইম আয়েগা' ৰ বাবে।

ফিল্মফেয়াৰ এৱাৰ্ডৰ তালিকা তলত উল্লেখ কৰা হ'ল -

শ্ৰেষ্ঠ ছবি - গলী বয়

শ্ৰেষ্ঠ ক্ৰিটিকচ এৱাৰ্ড ছবি - আৰ্টিকল ১৫ আৰু সোণচিৰিয়া

শ্ৰেষ্ঠ নিৰ্দেশক- জয়া আখটাৰ ( গলি বয় )

শ্ৰেষ্ঠ অভিনেত্ৰী - আলিয়া ভট ( গলী বয়)

শ্ৰেষ্ঠ অভিনেতা - ৰণবীৰ সিং (গলী বয়)

শ্ৰেষ্ঠ ক্ৰিটিকচ এৱাৰ্ড (পুৰুষ)- আয়ুস্মান খুৰানা

শ্ৰেষ্ঠ ক্ৰিটিকচ এৱাৰ্ড ( মহিলা) - ভূমি পেডনাকৰ, তাপচী পান্নু (চান্দ কি আখ )

শ্ৰেষ্ঠ মিউজিক এলবাম- গলী বয় আৰু কবীৰ সি

শ্ৰেষ্ঠ নেপথ্য গায়ক - অৰজিত সিং (কলংক)

শ্ৰেষ্ঠ নেপথ্য গায়িকা - শিল্পা ৰাৱ ( ঘুংগৰু , ৱাৰ )

শ্ৰেষ্ঠ ডায়লগ - বিজয় মৰয়া (গলী বয়)

শ্ৰেষ্ঠ স্ক্ৰীনপ্লে- ৰীমা কাগতী আৰু জয়া আখটাৰ ( গলী বয়)

শ্ৰেষ্ঠ প্ৰকৃত ঘটনা‌ ছবি- আৰ্টিকল ১৫ ( অনুভৱ সিহ্না)

শ্ৰেষ্ঠ নৱাগত পৰিচালক - আদিত্য ধৰ ( উৰি - দা ছাৰ্জিকেল ষ্ট্ৰাইক)

শ্ৰেষ্ঠ একচন - ৱাৰ

শ্ৰেষ্ঠ নৱাগত (পুৰুষ) - মৰ্দ কা দৰ্দ নহী হোতা

ইয়াৰ উপৰিও এই এৱাৰ্ডত আৰু বিভিন্ন শাখাত পুৰস্কাৰ প্ৰদান কৰা হয়।

অন্য খবৰৰ বাবে পঢ়ক : নৱাজুদ্দিন ছিদ্দিকিয়ে শ্বেয়াৰ কৰিলে গুৰুৰ ফটো, কলে কোনে শিকাইছিল তেওঁক অভিনয়

ভিডিঅ প্ৰতক্ষ্য কৰক : Bollywood Diva Madhuri Dixit, Actors Ranveer Singh & Kartik Aryan landed in Guwahati

Next Story
চাকৰি