Begin typing your search above and press return to search.

কোনেও অনাহাৰে থাকিব নালাগেঃ ১.৭ লাখ কোটি টকাৰ আঁচনি মুকলি কেন্দ্ৰৰ

কোনেও অনাহাৰে থাকিব নালাগেঃ ১.৭ লাখ কোটি টকাৰ আঁচনি মুকলি কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 March 2020 10:38 AM GMT

কোনেও অনাহাৰে থাকিব নালাগেঃ ১.৭ লাখ কোটি টকাৰ আঁচনি মুকলি কেন্দ্ৰৰ

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১-দিনীয়া দেশজোৰা তলাবন্ধৰ সময়ত যাতে ধনৰ অভাৱত কোন লোকে অনাহাৰে থাকিব লগা নহয়, তাৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই উদ্দেশ্য কেন্দ্ৰই এক ১.৭ লাখ কোটি টকীয়া এখন আঁচনি গ্ৰহণ কৰিছে ৷ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ শীৰ্ষক এই আঁচনিৰ অধীনত দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকক খাদ্য যোগানৰ লক্ষ্য লৈছে চৰকাৰে ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, "এই জটিল সময়ত যাতে কোনেও অনহাৰে থাকিব নালাগে, তাৰ ব্যৱস্থা কৰা হৈছে ৷ নগৰাঞ্চল-গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোক আৰু প্ৰব্ৰজিত শ্ৰমিকসকলক আৰ্থিক জটিলতাৰ পৰা সকাহ প্ৰদানৰ উদ্দেশ্য এই আঁচনি গ্ৰহণ কৰা হৈছে ৷ এই আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডি বি টি)ৰ জড়িয়তে দৰিদ্ৰ লোকলৈ সাহায্য প্ৰদান কৰা হ’ব ৷" ইয়াৰ পূৰ্বেও বিত্তমন্ত্ৰী সীতাৰমনে এক আঠ দফীয়া আৰ্থিক সকাহ ঘোষণা কৰে ৷ ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা এই আঠ দফীয়া আৰ্থিক সকাহ হ’লঃ

(১) ২০১৮-১৯ৰ আয়কৰ পৰিশোধৰ অন্তিম তাৰিখ অহা ৩০জুনলৈ বৃদ্ধি,

২) আধাৰ-পানকাৰ্ড সংযোগীকৰণৰ সময় অহা ৩০জুনলৈ বৃদ্ধি ৷ পূৰ্বে এই সীমা অহা ৩১মাৰ্চ আছিল ৷

৩) বিবাদ চে বিশ্বাসৰ ম্যাদ অহা ৩০জুনলৈ বৃদ্ধি ৷ অতিৰিক্ত ১০ শতাংশ কৰ নাথাকে ৷

৪) সকলো কৰ-শুল্কৰ জাননী জাৰিৰ ম্যাদ অহা ৩০জুনলৈ বৃদ্ধি ৷

৫) চলিত বৰ্ষৰ মাৰ্চ, এপ্ৰিল আৰু মে’ৰ জি এছ টি পৰিশোধৰ সময় অহা ৩০ জুনলৈ বৃদ্ধি ৷

৬) কৰ জমা দিয়া পলম হ’লে বাৰ্ষিক পাঁচ কোটি টকাৰ লাভা-লাভ অৰ্জন কৰা কোম্পানীসমূহক কোনোধৰণৰ জৰিমনা বিহা নহয় ৷ ততোধিক লাভা-লাভ অৰ্জন কৰা কোম্পানীসমূহক ৯ শতাংশ জৰিমনা বিহা হ’ব ৷

৭) পৰিস্থিতি অনুসৰি ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ-প্ৰতিষ্ঠান(MSME)সমূহৰ ক্ষেত্ৰত থকা ৭, ৯, ১০দফা ছমাহলৈ(৩০এপ্ৰিলৰ পাছত) বাতিল কৰা হ’ব পাৰে ৷

৮) নতুনকৈ স্থাপিত কোম্পানীসমূহক স্থাপনৰ সময় ঘোষণাৰ বাবে ছমাহ সময় প্ৰদান ৷

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰীঃ গাখীৰ যোগান নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিব পূৰবী ডায়েৰীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক: Hagrama Mohilary organizes a press-meet on Coronavirus situation and distribution of Rations

Next Story
চাকৰি