Begin typing your search above and press return to search.

ৰাজ্যৰ প্ৰথমটো বানত লক্ষীমপুৰঃ সন্মুখীন বিস্তৰ পৰিমাণৰ ক্ষয় ক্ষতিৰ

ৰাজ্যৰ প্ৰথমটো বানত লক্ষীমপুৰঃ সন্মুখীন বিস্তৰ পৰিমাণৰ ক্ষয় ক্ষতিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 8:08 AM GMT

ৰাজ্যৰ প্ৰথমটো বানে ইতিমধ্যে তাণ্ডৱৰ সৃষ্টি কৰিছে লক্ষীমপুৰ জিলাত ৷ লক্ষীমপুৰ জিলাৰ ২৮ খন গাঁৱত বানৰ প্ৰকোপ বৃদ্ধি পাইছে ৷ জিলা প্ৰশাসনৰ এক তথ্য অনুসৰি কাকৈৰ নদীৰ পানীয়ে চাৰিটা ৰাজহ চক্ৰ ক্ৰমে টেঙা বস্তি,ন আলি মাজগাঁও,মইনাপাৰা আৰু না ভগনিয়াৰ ৰঙানদীৰ বানে পাঁচখন গাঁও জলমগ্ন কৰিছে ৷

তাৰ ভিতৰত আছে ১ নং ডিজু পাথৰ,২ নং ডিজু পাথৰ,১১০/১০৭ গ্ৰান্ট ডিজু,অৰণ্য বস্তি আৰু ওঝানী খামতি আদি ৷ দ্বিতীয়তে উত্তৰ লক্ষীমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১২ খন গাঁও বুৰিমুৰি,কাচিপাথাৰ,১নং পাটা পুখুৰী,চান্দমাৰী, বালীগাঁও বহ’তিয়া,বৰব’চা,১নং ৰঙাজান,চেৰাপ ভেটি,বৰবিল,১ নং হিন্দু ,৯/৬ কলিয়ামাৰি আদি ঠাইত বানৰ প্ৰকোপ ইতিমধ্যে বৃদ্ধি পাইছে ৷ইয়াৰোপৰি তাঁতিবাহাৰ,বুঢ়াবুঢ়ি,৪নং তাতিবাহাৰ,পুলি নাহৰণি,ফুটাভোগৰ লগত সাতখন গাঁও জনমগ্ন হৈছে ৷

বানে কদম আৰু নাৰায়নপুৰ ৰাজহ চক্ৰৰ ৩৯০ হেক্টৰ ভূমি জলমগ্ন কৰিছে ৷ ইয়াৰ উপৰিও বানত ৬,০৭০ জন লোক,১২০০ সৰু জন্তু, ৫৭১ টা ডাঙৰ জন্তু আৰু ১৬৮০ টা মুৰ্গীৰ মৃত্যু হৈছে ৷ দ্বিতীয়তে বানপানীৰ কাৰণে উত্তৰ লক্ষীমপুৰৰ লীলাবাৰী বিমানবন্দৰ পথ,নাৰায়ন আৰ চি কে অন্তৰ্গত ২ নং তাতিবাহাৰৰ পি ডব্লিউ ডি গাঁৱৰ পথ,কৃষ্ণাপুৰ আৰু ঘিলাধাৰীৰ মাজত এখন দলঙৰ লগতে বহু অঞ্চল ক্ষতি গ্ৰস্ত কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক: ধাৰাষাৰ বৰষুণৰ ফলত বজালীৰ ২০৭ বছৰীয়া বটগছ কালদিয়া নদীৰ বানৰ কৱলত

Next Story
চাকৰি