ৰাজ্যৰ বানত প্ৰায় ৪ লাখ আক্ৰান্ত: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ বানত প্ৰায় ৪ লাখ আক্ৰান্ত: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ ১৭ খন জিলাৰ ৭০০ তকৈও অধিক গাঁৱত জলমগ্ন হোৱাৰ পিছত প্ৰায় ৪ লাখ লোক ইতিমধ্যে বানে প্ৰভাৱিত কৰিছে কৰিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃহস্পতিবাৰে সাম্প্ৰতিক সময়ৰ বান পৰিস্থিতি সমীক্ষা কৰিবৰ কাৰণে জিলাৰ উপায়ুক্ত আৰু অন্যান্য বিষয়াসকলক সম্পূৰ্ণ ৰূপে সাজু হ’বলৈ কয় ৷ মুখ্যমন্ত্ৰী সোনোৱালে গুৱাহাটীত এখন ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিভিন্ন চৰকাৰী বিভাগৰ উপায়ুক্ত আৰু জিলাস্তৰৰ জেষ্ঠ্য বিষয়াসকলৰ লগত মতবিনিময় কৰি বান নিয়ন্ত্ৰণৰ কাৰণে পূৰ্ব প্ৰস্ততি কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে বানাক্ৰান্ত লোকসকলে যাতে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা লাভ কৰে তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ কয় । মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক কয় যে নিজৰ জিলাসমূহৰ বান নিয়ন্ত্ৰণ কৰিবলৈ ২৪ ঘন্টাই যেন সক্ৰিয় হৈ থাকে ৷ বানাক্ৰান্তই আশ্ৰয় লোৱা শিবিৰসমূহৰ পৰিস্থিতিৰ আৰু বানাক্ৰান্তৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী সময়তে লাভ কৰিছেনে নাই লগতে বান পানী হোৱা অঞ্চলসমূহত জীৱ জন্তৰ সুৰক্ষা আদি বিষয়সমূহৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে।

ইফালে বানে সকলো নিঃশেষ কৰা অঞ্চলসমূহৰ লোকসকলে যাতে পৰ্যাপ্ত পৰিমাণে চিকিৎসা সেৱা লাভ কৰে তাৰ কাৰণে সকলো নিৰ্দেশ দিয়ে ৷ সোনোৱালে উপায়ুক্ত সকলক কয় যে যদি তেওঁলোকৰ জিলাসমূহত চিকিৎসক সীমিত পৰিমাণৰ হয়, তেন্তে স্বাস্থ্য বিভাগৰ লগত সম্পৰ্ক কৰিব পাৰে। বানত আক্ৰান্ত জন্তুসমূহৰ ক্ষেত্ৰতো পৰ্যাপ্ত পৰিমাণে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰী সোনোৱালে জাপানীজ একেফেলাইটিছ আৰু মেলেৰিয়াৰ ক্ষেত্ৰত সজাগ হ’বৰ কাৰণে স্বাস্থ্য বিভাগৰ কৰ্তৃ পক্ষক এটা তেজ পৰীক্ষা শিবিৰ পাতিবলৈ নিৰ্দেশ দিয়ে। বানত প্ৰভাৱিত অঞ্চলসমূহৰ লোকসকলক উদ্ধাৰ কৰাৰ কাৰণে এনডি আৰএফ আৰু এছডিআৰএফক সক্ৰিয় হৈ থাকিবলৈ কয়। আৰু বানাক্ৰান্তৰ ধন, জন সম্প্ৰতি ৰক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে৷

অন্যহাতে,বাৰিষাৰ সময়ত সততে বিদ্যুতৰ কাৰণে সংঘটিত হোৱা বিভিন্ন ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে সকলো বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান বানৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে সমীক্ষা কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ লগতে ভূমিস্খলন সম্পৰ্কীয় ঘটনাৰো সমীক্ষা কৰে ৷

ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু জিলাৰ উপায়ুক্তসকলক ভূমিস্খলন হোৱা অঞ্চলসমূহ চিনাক্ত কৰিবলৈ কয় ৷ আৰু সেই অঞ্চলৰ লোকসকলক সাৱধানতা অৱলম্বণ কৰিবলৈ কয় ৷ ইফালে এক সংবাদ বিজ্ঞপ্তি যোগে কামৰূপ মহানগৰৰ উপায়ুক্তক স্থানীয় লোকসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিবলৈ কয়। যাতে লোকসকলে এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সোনোৱালে সকলো বিষয়াক "টীম অসম"লগত একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com