Begin typing your search above and press return to search.

প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্থ শিক্ষা অনুষ্ঠান: লক্ষিমপুৰত ক্ষতিগ্ৰস্থ ১৭৫ খন বিদ্যালয়

প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্থ শিক্ষা অনুষ্ঠান: লক্ষিমপুৰত ক্ষতিগ্ৰস্থ ১৭৫ খন বিদ্যালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 8:21 AM GMT

প্ৰলয়ংকাৰী বানপানীৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ লগতে কৃষি ভূমি বিনষ্ট হৈছে । সমান্তৰাললৈ বানৰ ফলত বহুতো শিক্ষা অনুষ্ঠানো ক্ষতিগ্ৰস্থ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লক্ষিমপুৰতো বহুতো শিক্ষা অনুষ্ঠান ক্ষতিগ্ৰস্থ হয় বানপানীৰ ফলত ।

লক্ষিমপুৰত ১৭৫ খন শিক্ষা অনুষ্ঠানৰ ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত । বিভাগৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, ইয়াৰে ১৬৪ খন প্ৰাথমিক বিদ্যালয় আৰু ১১ খন হাই স্কুলত যথেষ্ট ক্ষতিগ্ৰস্ত হয় । এই বিদ্যালয় সমূহৰ বৰ্তমান সময়ত শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে ।

জিলা খনৰ নাওবৈচা শিক্ষা খণ্ডৰ পূব তেলাহি আৰু লোহিত খাবালু গাঁও পঞ্চায়ত বহুতো বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত । সুৱনশিৰি নৈ বাঢ়নী পানীয়ে জিলা খন প্লাৱিত কৰাৰ লগতে বিদ্যালয় সমূহো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। মৰলিয়ামুখ এম ই স্কুলো বান পানীৰ ফলত ক্ষতিগ্ৰস্থ হয়।আনহাতে মুদৈবিল প্ৰাথমিক বিদ্যালয়, ৰন্টিজান প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে । সমান্তৰালকৈ পাঞ্চনৈ নং ১, ২ , দেজো চাপৰিৰ বহুতো বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে । এই অঞ্চলত ৮০ ৰো অধিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে ।

প্ৰলয়ংকাৰী বানে ৰাজ্যত বিভীষিকা সৃষ্টি কৰাৰ পিছত এতিয়া মহামাৰীকে ধৰি নানান সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত সকল। প্ৰলয়ংকাৰী বানৰ ফলত ৰাজ্যত প্ৰায় ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে ।প্ৰলয়ংকাৰী বানে ৰাজ্যত ২২ টা কৈ নদী বান্ধ ভাঙি নিয়ে। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক জল সম্পদ বিভাগে প্ৰস্তুতি চলাই আছে । কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে, যোৱা বছৰত বানে ২৯ টা নদী বান্ধ ভাঙি নিছিল ।

লক্ষীমপুৰ জিলাৰ মুঠ ৮৬ খন গাঁৱৰ উত্তৰ লক্ষীমপুৰ ৰাজহ চক্ৰ,৪ নং নাওবৈচা ৰাজহ চক্ৰ,বিহপুৰীয়াৰ ১০ নং ৰাজহ চক্ৰ,২৪ নং ৰাজহ চক্ৰৰ নাওবৈচা,১৬ নং ঢকুৱাখানা ৰাজহ চক্ৰ,১৫ নং সোৱনশিৰী ৰাজহ চক্ৰত বানৰ প্ৰকোপ কিছুপৰিমাণে হ্ৰাস পাইছে ৷ ইফালে বানে বিধ্বস্ত কৰা জিলাখনত দহ দিনৰ দিনা হৈছে ৪৫,৭৬৭ লোক আক্ৰান্ত হৈছে। জিলা প্ৰশাসনৰ এক বিশেষ তথ্য অনুসৰি জিলাখনত ৩৩৬১.৮৭ হেক্ট’ৰ ভূমি বানে প্ৰভাৱিত কৰিছে।

ইয়াৰে ১৪,১৬৯ টা জন্তুৰ ৭,৬১০ টা সৰু জন্তু আৰু ৮৩০৫ টা মূৰ্গী প্ৰভিৱিত কৰিছে ৷বিহপুৰীয়াৰ এখন বিদ্যালয়ত ১৭৭ জন বানাক্ৰান্তই আশ্ৰয় লৈছে । আনহাতে ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্যান্টে বিগত দিনত পানী এৰাৰ পিছত বৃহস্পতিবাৰে ৰঙানদী বান্ধৰ ৪ নম্বৰ ৰেডিয়েল গেট বন্ধ কৰি দিয়ে ৷

উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদী জল- বিদুৎ প্ৰকল্পৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছিল লক্ষিমপুৰ । হাই এলাৰ্ট জাৰি কৰিছিল প্ৰশাসন |

অধিক খবৰৰ বাবে পঢ়ক: ৰঙানদী বান্ধৰে অতিৰিক্ত পানী মুকলি কৰি দিয়াত জলমগ্ন লক্ষিমপুৰ: হাই এলাৰ্ট জাৰি প্ৰশাসনৰ

Next Story
চাকৰি