ৰাজ্যত প্ৰলয়ংকাৰী বান: ৬ জনৰ মৃত্যু, ২১ জিলা জলমগ্ন

ৰাজ্যত প্ৰলয়ংকাৰী বান: ৬ জনৰ  মৃত্যু, ২১ জিলা জলমগ্ন

ৰাজ্যত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে । ২৪ ঘন্টাত পুনৰ ৩ জন লোকৰ মৃত্যু হৈছে । বানপানী আৰু গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাত বানাক্ৰান্ত সকলে দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে । বৰ্তমানলৈ প্ৰলয়ংকাৰী বানে ৬ জনৰ জীৱন কাঢ়ি নিছে। ৰাজ্যৰ ২১ জিলা বানৰ কবলত । ঠায়ে ঠায়ে পথ, ৰেল পথ সমূহ বন্ধ হৈ পৰিছে ।

যোৱা ২৪ ঘন্টাত গোলাঘাট আৰু ডিমা হাছাও জিলাত বানপানী আৰু ভূমিস্খলনৰ ফলত ৩ জন লোকৰ মৃত্যু হৈছে । ৮.৬৯ লাখৰো অধিক লোক বানৰ কবলত পৰিছে । তিনিচুকীয়া, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, হোজাই, মৰিগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, নলবাৰী, বৰপেটা, বাক্সা, দৰং, শোণিতপুৰ , বিশ্বনাথ, লক্ষিমপুৰ, ধেমাজিৰ ৬৪ ৰাজহ চক্ৰ, ১,৫৫৬ খন গাঁও বানপানীৰ কবলত ।

যোৰহাট, শোণিতপুৰ, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰৰে বৈছে । আনহাতে ডিব্ৰুগড়ত বুঢ়ীদিহিঙ , শিবসাগৰত দিচাং, গোলাঘাটত ধনশিৰি , শোণিতপুৰত জিয়া ভৰলু , নগাঁওত কপিলী , কামৰূপত পুথিমাৰি, বৰপেটাত বেকি, হাইলাকান্দিত কাটাকান্দি আৰু কৰিমগঞ্জত কুশিয়াৰা নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰৰে বৈছে ।

এন ডি আৰ এফ আৰু এচ ডি আৰ এফে বানাক্ৰান্তক অহৰহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ধেমাজি, লক্ষিমপুৰ, বাক্সাকে ধৰি কেইবাটাও স্থানত ৬৮ টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লখতে ৪৮ টা সাহাৰ্য্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে । ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ ৰেল সেৱা ব্যাহত হয়। বহুকেইখন ৰেল সেৱা বাতিল কৰিব লগা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্যত বানপানীৰ ফলত দিহিঙে দিপাঙে ধাপলি মেলিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com