বানপানীয়ে কোঙা কৰা ৰাজ্যত এতিয়া মহামাৰীৰ প্ৰাদুভাৱ

বানপানীয়ে কোঙা কৰা ৰাজ্যত এতিয়া মহামাৰীৰ প্ৰাদুভাৱ

সমগ্ৰ ৰাজ্যতে বানপানীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰাৰ পাছত ক্ৰমা পানী শুকাবলৈ আৰম্ভ হৈছে পানী । সমগ্ৰ ৰাজ্যৰ ৩০ খন জিলায়ে জলমগ্ন হৈ পৰিছে । জিলা সমূহত পানী কমিছে যদিও এতিয়া বানৰ কবলত পৰা অঞ্চলত এতিয়া আৰম্ভ হৈছে দুৰ্গন্ধ, মহামাৰীৰ প্ৰাদুভাৱ । ৰাজ্যৰ বহু কৃষি ভূমি বানপানীয়ে উটোৱাই লৈ যায় । লাখ লাখ লোকৰ কৃষি পথাৰ , ঘৰ দুৱাৰ ভাঙি লৈ যায় প্ৰলয়ংকাৰী বানে ।

ৰাজ্যৰ চৌদিশে দিশহাৰা হৈ পৰিছে বানাক্ৰান্ত সকল। অনাহাৰে অনিদ্ৰায়ে দিন অতিবাহিত কৰিব লগা হৈছে বানাক্ৰান্তয়ে । পানী শুকাবলৈ আৰম্ভ হোৱা ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গন্ধময় । নানান বেমাৰে দেখা দিছে । বানপানীৰ ফলত কেৱল মানুহেই নহয় , বহুতো জীৱ জন্তুৰ মৃত্যুত চৌদিশে দুৰ্গন্ধ আৰম্ভ হৈছে । আনহাতে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে বন্যাতয়ে । মানুহৰ লগতে পশুধনৰ মাজতো মহামাৰী ৰোগৰ আৰম্ভ হৈছে ।

বানত বুৰ যোৱা ধুবুৰী , ধেমাজি, লক্ষিমপুৰ, গোলাঘাট, কাজিৰঙা আৰু অন্যান্য প্ৰান্তত বান পৰিস্থিতি কিছু উন্নত হৈছে ।গহপুৰত সামান্য উন্নত হৈছে বান পৰিস্থিতি। ক্ৰমাৎ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ জলস্তৰ। ইয়াৰ পিছতো কিন্তু বানাক্ৰান্ত ৰাইজৰ দুখৰ অন্ত পৰা নাই। গহপুৰৰ ২২খন গাঁও পঞ্চায়ততে ব্ৰহ্মপুত্ৰৰ বানে তচনচ কৰি থৈ গৈছে। এতিয়াও বহু পৰিয়াল পথৰ ওপৰতে আশ্ৰয় লৈ থাকিব লগীয়া হৈছে। এই পযন্ত ঘৰৰ ভিতৰত একাঁঠু পানী। গহপুৰৰ ডিপৰা দানিগাঁৱৰ অঞ্চলৰ শতাধিক পৰিয়াল এতিয়াও পথৰ ওপৰত টিনৰ চালিৰ তলত থাকিব লগা হৈছে।কাৰণ তেওঁলোকৰ ঘৰৰ ভিতৰত এতিয়াও একাঠু পানী। বানে বুৰাই পেলালে ঘৰৰ অন্যান্য সামগ্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰ।বন্যাৰ্তৰ মাজত দেখা দিছে ভিন্ন ৰোগে।শিশু সকলৰ গাত নানা ধৰণৰ ৰোগ বিয়পি পৰিছে এতিয়া । পানী কমা লগে লগে ৰ্দূগোন্ধয়ে চানি ধৰা পৰিবেশত থাকিব লগা হোৱাত বানাক্ৰান্ত সকলৰ মাজত বিয়পি পৰিছে নানা ধৰণৰ ৰোগ। স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

কিছুমান জিলাত পানীত পৰিমাণ হ্ৰাস হৈছে, ৪৮, ৮৭, ৪৪৩ বৰ্তমানেও বানৰ কবলত, ৩,৭০৫ গাঁও, ৯২ ৰাজহ চক্ৰ আৰু ২৭ জিলা বানপানীৰ কবলত।বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি| বানে বিধ্বস্ত কৰা জিলাসমূহৰ ভিতৰত আছে ধেমাজী,লখীমপুৰ,বিশ্বনাথ,শোনিতপুৰ,দৰং, ওডালগুৰি,বাক্সা, বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও, হোজাই,গোলাঘাট, মাজুলী,যোৰহাট, শিৱসাগৰ,ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ,কাৰ্বি আংলং আৰু কৰিমগঞ্জ আদি ৷ ইফালে বানত বহু ঠাইত মথাউৰি,দলং,পথ ক্ষতিগ্ৰস্ত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com