Begin typing your search above and press return to search.

বান পৰিস্থিতি অপৰিবৰ্তিত: বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

বান পৰিস্থিতি অপৰিবৰ্তিত: বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2019 7:32 AM GMT

ৰাজ্যত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বতৰ কিছু উন্নত হৈছে যদিও পানী সম্পূৰ্ণ ৰূপে শুকুৱা নাই। যোৱা ২৪ ঘন্টাত ১১ জনকৈ লোকৰ মৃত্যু হৈছে । বৰপেটাত ৩ জন , ধুবুৰীত ৫ জন , মৰিগাঁওত ৩ জনৰ মৃত্যু হৈ মুঠ ৪৮ জনৰ মৃত্যু হৈছে বান আৰু ভূমিস্খলনৰ ফলত । শুকুৰবাৰে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্য সচিব আলোক কুমাৰ আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বান পৰিস্থিতি বুজ লবলৈ আলোচনাত মিলিত হয় ।

কিছুমান জিলাত পানীত পৰিমাণ হ্ৰাস হৈছে, ৪৮, ৮৭, ৪৪৩ বৰ্তমানেও বানৰ কবলত, ৩,৭০৫ গাঁও, ৯২ ৰাজহ চক্ৰ আৰু ২৭ জিলা বানপানীৰ কবলত।

বুধবাৰে বানপানীত মৃত্যু হোৱা লোকসকলৰ চাৰিজন লোকৰ ভিতৰত মৰিগাঁৱ জিলাৰ ভূৰাগাঁৱত দুজন ,এজন মৰিগাঁও আৰু এজন লাহৰিঘাটৰ আছিল৷ শোনিতপুৰত দুজন,ওডালগুৰিত দুজন আৰু কামৰূপ আৰু নগাঁৱৰ ৰহাত এজনকৈ মৃত্য হৈছে ৷ আনহাতে বিপদসমীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,শোনিতপুৰ,তেজপুৰ,গুৱাহাটী, কামৰূপ,গোলাঘাটৰ নুমলীগড়ত ধনশিৰী,শোনিতপুৰত জিয়া ভৰালী,কামৰূপত কপিলী আৰু নগাঁওত ধৰমতুল,কামৰূপত পুঁথিমাৰি,বৰপেটাত বেকী,হাইলাকান্দিত কাটাখাল আৰু কৰিমগঞ্জত কুঁশিয়াৰ আদি ৷

বুধবাৰলৈকে বানে বিধ্বস্ত কৰা জিলাসমূহৰ ভিতৰত আছে ধেমাজী,লখীমপুৰ,বিশ্বনাথ,শোনিতপুৰ,দৰং, ওডালগুৰি,বাক্সা, বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও, হোজাই,গোলাঘাট, মাজুলী,যোৰহাট, শিৱসাগৰ,ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ,কাৰ্বি আংলং আৰু কৰিমগঞ্জ আদি ৷ ইফালে বানত বহু ঠাইত মথাউৰি,দলং,পথ ক্ষতিগ্ৰস্ত হৈছে। বানত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে সেনা,এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে বানত আক্ৰান্ত লোকসকলক উদ্ধাৰ অভিযান অব্যাহত আছে।

বিগত এসপ্তাহৰ পিছত বানপানীয়ে লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে বৃহস্পতিবাৰে লক্ষীমপুৰৰ ব্ৰহ্মপুত্ৰ,সোৱনশিৰী, ৰঙানদী,কাকৈ,বগীনদী,শিঙাগৰা,পাভা,ডিক্ৰং আৰু ড্ৰপাঙৰ জলস্তৰ হ্ৰাস পায়। ইয়াৰ লগে লগে জিলাখনৰ বান পৰিস্থিতিত কিছু পৰিমাণে সকাহ পাইছে বানাক্ৰান্তই ৷

লক্ষীমপুৰ জিলাৰ মুঠ ৮৬ খন গাঁৱৰ উত্তৰ লক্ষীমপুৰ ৰাজহ চক্ৰ,৪ নং নাওবৈচা ৰাজহ চক্ৰ,বিহপুৰীয়াৰ ১০ নং ৰাজহ চক্ৰ,২৪ নং ৰাজহ চক্ৰৰ নাওবৈচা,১৬ নং ঢকুৱাখানা ৰাজহ চক্ৰ,১৫ নং সোৱনশিৰী ৰাজহ চক্ৰত বানৰ প্ৰকোপ কিছুপৰিমাণে হ্ৰাস পাইছে ৷ ইফালে বানে বিধ্বস্ত কৰা জিলাখনত দহ দিনৰ দিনা হৈছে ৪৫,৭৬৭ লোক আক্ৰান্ত হৈছে। জিলা প্ৰশাসনৰ এক বিশেষ তথ্য অনুসৰি জিলাখনত ৩৩৬১.৮৭ হেক্ট’ৰ ভূমি বানে প্ৰভাৱিত কৰিছে।

ইয়াৰে ১৪,১৬৯ টা জন্তুৰ ৭,৬১০ টা সৰু জন্তু আৰু ৮৩০৫ টা মূৰ্গী প্ৰভিৱিত কৰিছে ৷বিহপুৰীয়াৰ এখন বিদ্যালয়ত ১৭৭ জন বানাক্ৰান্তই আশ্ৰয় লৈছে । আনহাতে ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্যান্টে বিগত দিনত পানী এৰাৰ পিছত বৃহস্পতিবাৰে ৰঙানদী বান্ধৰ ৪ নম্বৰ ৰেডিয়েল গেট বন্ধ কৰি দিয়ে ৷ দুপৰীয়া ২.৪৫ বজাত ৰঙানদীৰ গেট বন্ধ কৰি দিয়ে কৰ্তৃপক্ষই ৷ইয়াৰ পিছত ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্যান্টে ৬.৪৫ বজাত ১০০ মিমী অতিৰিক্ত পানী এৰি দিয়ে ।দ্বিতীয়তে জিলা প্ৰশাসনে ছটা ৰাজহ চক্ৰত ২০ টা আশ্ৰয় শিবিৰত ২৩২.৯৪৬ কুইন্টল চাউল,৪৩.৫৩৮ কুইন্টল দাইল আৰু ১৩.০৬ নিমখ বিতৰণ কৰা হয় ৷

অধিক খবৰৰ বাবে পঢ়ক: বিশ্বনাথৰ বান পৰিস্থিতি পৰ্যবেক্ষন ৰাজ্যিক জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

Next Story
চাকৰি