Begin typing your search above and press return to search.

বিশ্বনাথৰ বান পৰিস্থিতি পৰ্যবেক্ষন ৰাজ্যিক জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

বিশ্বনাথৰ বান পৰিস্থিতি পৰ্যবেক্ষন ৰাজ্যিক জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 9:54 AM GMT

বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত বান পৰিস্থিতি পৰ্যবেক্ষন কৰে ৰাজ্যিক জল সম্পদ মন্ত্ৰী কেশৱ মহন্তয়ে । জল সম্পদ মন্ত্ৰী গৰাকীয়ে লগতে গাংগমৌ থান আৰু লাল পুখুৰী গাঁও, বিহালী সমষ্টিৰ বুৰই আৰু কাৰ্বি বঙালী গাঁও আৰু গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দিপৰাত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । মন্ত্ৰী গৰাকীক সংগ দিয়ে পঞ্চায়তৰ কৰ্মী সকলে ।

বৰগংগ, বুৰৈৰ লগতে বহুতো গাঁও , পথ , দলং আদি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । শ্ৰীমন্ত শংকৰদেৱ প্ৰতিস্থা কৰা ঐতিহাসিক গাংমৌ থান আৰু পদুম পুখুৰী সুৰক্ষৰ বাবে যিমান সম্ভৱ ব্যবস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।

জল সম্পদ মন্ত্ৰী কেশৱ মহন্তয়ে গৰাখহনীয়া ৰোধ আৰু বানাক্ৰান্ত সকল আৰু তেওঁলোকৰ সম্পত্তি সুৰক্ষাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীৰ লগত আছিল বিধায়ক , বিশ্বনাথৰ জিলা উপায়ুক্ত পি আৰ খাউণ্ড আৰু আন শীৰ্ষ বিষয়াও উপস্থিত থাকে ।

ৰাজ্যৰ বানত বিগত ২৪ ঘন্টাত ৯ জনে মৃত্যু বৰণ কৰিছে। ইয়াৰ লগে লগে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি হৈছে ৷ ইফালে নদীসমূহৰ জলস্তৰ হ্ৰাস পাইছে যদিও পৰিস্থিতি এতিয়াও পৰিৱৰ্তন হোৱা নাই ৷ৰাজ্যৰ ২৮ খন জিলাৰ ১০৩ টা ৰাজহ চক্ৰৰ ৪,১২৮ খন গাঁৱৰ প্ৰায় ৫৩,৫২,১০৭ জন লোক বানত প্ৰভাৱিত হৈছে ৷

কামৰূপ মেট্ট’ত ৭০,৭৪৪ লোক বানত প্ৰভাৱিত হৈছে ৷সোনাপুৰ,মালৌবাৰী, পশুতলী,বৰবিলা আৰু ডিগাৰুত মথাউৰিৰ ওপৰত বানাক্ৰান্তই আশ্ৰয় লৈছে। নাৰেংগী আৰু চন্দ্ৰপুৰত লোকসকলে পথত আশ্ৰয় লৈছে। ডিমৌৰিয়াৰ কলং নদীত ১৩ বছৰীয়া হৰদীন দাস নামৰ কিশোৰৰ মৃত্যু হয়।ব্ৰহ্মপুত্ৰৰ পাৰত থকা বহুতো উদ্যান শুক্ৰেচৰ দেৱালয়ৰ পৰা পৰা পানীৰ তলত । শংকৰদেৱ উদ্যান, অজানপীৰ উদ্যোন, ভগৱান মহাবীৰ উদ্যান, গুৱাহাটী- কাছমাৰি ঘাট আৰু গুৱাহাটী-মাধ্যম খণ্ড ঘাট পানীৰ তলত । ভৰলুমুখৰ চ্লুইচ গেট খন বন্ধ কৰি দিয়া হৈছে ।

সম্প্ৰতি ৰাজ্যৰ অধিকাংশলোক ব্ৰহ্মপুত্ৰৰ পানীত সকলো ধন জন সৰ্বস্ব হেৰুৱাইছে। ব্ৰহ্মপুত্ৰ নদী এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে য’ত বানাক্ৰান্তই ধন, জন, খেতি পথাৰ সকলো হেৰুৱাইছে ৷ পশ্চিম গুৱাহাটীৰ ধাৰাপুৰৰ কোছপাৰাৰ পৰা মাজিৰগাঁৱলৈকে এই সমগ্ৰ অঞ্চলটো গৰাখহনীয়াই শোচনীয় ৰূপ লৈছে।অঞ্চলটোত গৰাখহনীয়াৰ সমস্যা দিনক দিনক গম্ভীৰ ৰূপ ধাৰণ কৰিছে ৷তথা যিকোনো সময়তে অঞ্চলটোত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে |

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ বানৰ তাণ্ডৱত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি

Next Story
চাকৰি