Begin typing your search above and press return to search.

লক্ষীমপুৰত বান পৰিস্থিতি:৮৬ খন গাঁৱৰ ৪৬,৭৬৭ জনলোক প্ৰভাৱিত বানত

লক্ষীমপুৰত বান পৰিস্থিতি:৮৬ খন গাঁৱৰ ৪৬,৭৬৭ জনলোক প্ৰভাৱিত বানত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 9:49 AM GMT

বিগত এসপ্তাহৰ পিছত বানপানীয়ে লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে বৃহস্পতিবাৰে লক্ষীমপুৰৰ ব্ৰহ্মপুত্ৰ,সোৱনশিৰী, ৰঙানদী,কাকৈ,বগীনদী,শিঙাগৰা,পাভা,ডিক্ৰং আৰু ড্ৰপাঙৰ জলস্তৰ হ্ৰাস পায়। ইয়াৰ লগে লগে জিলাখনৰ বান পৰিস্থিতিত কিছু পৰিমাণে সকাহ পাইছে বানাক্ৰান্তই ৷

লক্ষীমপুৰ জিলাৰ মুঠ ৮৬ খন গাঁৱৰ উত্তৰ লক্ষীমপুৰ ৰাজহ চক্ৰ,৪ নং নাওবৈচা ৰাজহ চক্ৰ,বিহপুৰীয়াৰ ১০ নং ৰাজহ চক্ৰ,২৪ নং ৰাজহ চক্ৰৰ নাওবৈচা,১৬ নং ঢকুৱাখানা ৰাজহ চক্ৰ,১৫ নং সোৱনশিৰী ৰাজহ চক্ৰত বানৰ প্ৰকোপ কিছুপৰিমাণে হ্ৰাস পাইছে ৷ ইফালে বানে বিধ্বস্ত কৰা জিলাখনত দহ দিনৰ দিনা হৈছে ৪৫,৭৬৭ লোক আক্ৰান্ত হৈছে। জিলা প্ৰশাসনৰ এক বিশেষ তথ্য অনুসৰি জিলাখনত ৩৩৬১.৮৭ হেক্ট’ৰ ভূমি বানে প্ৰভাৱিত কৰিছে।

ইয়াৰে ১৪,১৬৯ টা জন্তুৰ ৭,৬১০ টা সৰু জন্তু আৰু ৮৩০৫ টা মূৰ্গী প্ৰভিৱিত কৰিছে ৷বিহপুৰীয়াৰ এখন বিদ্যালয়ত ১৭৭ জন বানাক্ৰান্তই আশ্ৰয় লৈছে । আনহাতে ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্যান্টে বিগত দিনত পানী এৰাৰ পিছত বৃহস্পতিবাৰে ৰঙানদী বান্ধৰ ৪ নম্বৰ ৰেডিয়েল গেট বন্ধ কৰি দিয়ে ৷ দুপৰীয়া ২.৪৫ বজাত ৰঙানদীৰ গেট বন্ধ কৰি দিয়ে কৰ্তৃপক্ষই ৷ইয়াৰ পিছত ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্যান্টে ৬.৪৫ বজাত ১০০ মিমী অতিৰিক্ত পানী এৰি দিয়ে ।দ্বিতীয়তে জিলা প্ৰশাসনে ছটা ৰাজহ চক্ৰত ২০ টা আশ্ৰয় শিবিৰত ২৩২.৯৪৬ কুইন্টল চাউল,৪৩.৫৩৮ কুইন্টল দাইল আৰু ১৩.০৬ নিমখ বিতৰণ কৰা হয় ৷

উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদী জল- বিদুৎ প্ৰকল্পৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছিল লক্ষিমপুৰ । হাই এলাৰ্ট জাৰি কৰিছিল প্ৰশাসন |

নিপকোৰ দ্বাৰা পৰিচালিত হয় ৰঙানদী জল বিদুৎ প্ৰকল্প। সোমবাৰে বিয়লি ৩ বজাৰ পৰা ৰঙানদী বান্ধৰ ৪ নম্বৰ গেটেৰে ৩০০০ mm পানী মুকলাই দিছিল । সোমবাৰে ১.৪৫ ত ২০০ mm পানী এৰি দিছিল । ৰঙানদীৰ উপনদী সমূহৰো পানী ওফন্দি উঠিছিল ।

ইয়াৰ পাছতে লক্ষিমপুৰ জিলা প্ৰশাসনে জিলা খনত হাই এলাৰ্ট জাৰি কৰিছিল । লক্ষিমপুৰত জিলা উপায়ুক্ত ডঃ জীৱন বি.য়ে ৰঙানদীৰ ওপৰত থকা বাঁহৰ দলঙৰে জনসাধাৰণক যাত্ৰা নকৰিবলৈ কৈছে । যাতে কোনেও জীৱন হেৰুৱা লগা নহয়।

দেওবাৰে ১২:৪৫ ত ৪ নম্বৰ গেটৰে ৩০০mm পানী এৰি দিয়ে , ১ বজাত ৫০০mm , ২ বজাত ৩০০ mm , ৬:৩০ বজাত ২০০mm , ৭.৩০ বজাত ১০০ mm অতিৰিক্ত পানী এৰি দিয়ে। সন্ধিয়া ৭.৪৫ বজাত গেট বন্ধ কৰা হয় । ৭:১৫ বজাৰ পৰা ২৮০০ mm পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছে লক্ষিমপুৰৰ বহুতো গাঁও ।

অধিক খবৰৰ বাবে পঢ়ক: নীপকোৱে এৰি দিয়া অতিৰিক্ত পানীত বিধ্বস্ত লক্ষীমপুৰ

Next Story
চাকৰি