Begin typing your search above and press return to search.

ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ: জলমগ্ন গুৱাহাটীৰ চুনচালি

ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ: জলমগ্ন গুৱাহাটীৰ চুনচালি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 11:57 AM GMT

প্ৰলয়ংকাৰী বানৰ কৱলত সমগ্ৰ ৰাজ্য । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে বানৰ কৱলত মহানগৰীৰ চুনচালি অঞ্চলো। অনাহাৰে অনিদ্ৰায়ে দিন কটাব লগিয়া হৈছে চুনচালি বাসিয়ে ।

একেৰাহে বৰষুণ হৈ থকা ফলত চাৰিদিন ধৰি বানৰ কৱলত অঞ্চলতো । জনসাধাৰণৰ দুৰ্যোগৰ সময়ত প্ৰশাসন তথা চৰকাৰৰ কোনো লোকে খবৰ নোলোৱাৰ গুৰুত্বৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ।

চুনচালি অঞ্চলৰ ঘৰৰ মুধচলৈকে পানী। অনাহাৰে দিন নিশা কটাব লগীয়া হৈছে বানাক্ৰান্ত লোকসকল। বানৰ কৱলত পৰাৰ ফলত অঞ্চলটোৰ ৫০ ঘৰ মানুহৰ জাৰ্চি গাইকে ধৰি প্ৰায় ৬০০ গৰু ৰাস্তাতে বান্ধিবলগীয়া হৈছে। ঘাঁহৰ অভাৱত ভোকত কটাবলগীয়া হৈছে পশুধন।

chunchali

সমান্তৰালকৈ গুৱাহাটী উজান বজাৰৰ মাছৰ বজাৰ পানীৰ তলত । সমগ্ৰ ৰাজ্যতে চৌদিশে হাহাকাৰ বানাক্ৰান্তৰ ।বানৰ কৱলত চূনচালি ফেৰী ঘাট, সুৰুজনগৰকে ধৰি অন্য বহুতো অঞ্চল।

অন্য খবৰৰ বাবে পঢ়ক: প্ৰলয়ংকাৰী বান: উজান বজাৰৰ মাছৰ বজাৰ পানীৰ তলত

Next Story
চাকৰি