Begin typing your search above and press return to search.

ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিঃ ধাৰাপুৰত বানে কঢ়িয়াইছে বিভীষিকাৰ

ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিঃ ধাৰাপুৰত বানে কঢ়িয়াইছে বিভীষিকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 9:15 AM GMT

ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি দিনৰ দিনে শোচনীয় অৱস্থালৈ গতি কৰিছে। সম্প্ৰতি ৰাজ্যৰ অধিকাংশলোক ব্ৰহ্মপুত্ৰৰ পানীত সকলো ধন জন সৰ্বস্ব হেৰুৱাইছে। ব্ৰহ্মপুত্ৰ নদী এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ আছে য’ত বানাক্ৰান্তই ধন, জন, খেতি পথাৰ সকলো হেৰুৱাইছে ৷ পশ্চিম গুৱাহাটীৰ ধাৰাপুৰৰ কোছপাৰাৰ পৰা মাজিৰগাঁৱলৈকে এই সমগ্ৰ অঞ্চলটো গৰাখহনীয়াই শোচনীয় ৰূপ লৈছে।

অঞ্চলটোত গৰাখহনীয়াৰ সমস্যা দিনক দিনক গম্ভীৰ ৰূপ ধাৰণ কৰিছে ৷তথা যিকোনো সময়তে অঞ্চলটোত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ।মংগলবাৰে ব্ৰহ্মপুত্ৰৰ এটি বৃহৎ ঢৌয়ে মাজিৰগাঁৱৰ পৰা ৰাজাপাৰা ক্ষেত্ৰত এটি বান্ধ খহাই দিয়ে যাৰ ফলত অঞ্চলটো জল মগ্ন হৈ পৰে। সম্প্ৰতি অঞ্চলটোৰ কাষৰীয়া লোকসকলৰ জীৱনলৈ চৰম অমানিষা নামি আহিছে কাৰণ লোকসকলে জীৱন সম্প্ৰতি সকলো হেৰুৱাইছে বানত ৷

যদি নদীৰ গৰাখহনীয়া আৰু মথাউৰি চিঙাৰ প্ৰকোপ অধিক বৃদ্ধি পায় তেন্তে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ লগতে গাঁৱসমূহ জলমগ্ন হ’ব ৷যদি পানীয়ে পুৰণি এ টি ৰোডৰ সীমা অতিক্ৰম কৰে তেন্তে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰো জলমগ্ন হ’ব ৷ লগতে বিমান চলাচল বন্ধ হ’ব ৷ গতিকে ভৱিষ্যতে হ’ব পৰা বিপদৰ লগত মোকামিলা কৰিবলৈ পূৰ্ব প্ৰস্তুতিৰ প্ৰয়োজন ৷

আনহাতে ৰানী চাপৰি মনসা মন্দিৰৰ এটি বিশেষ দলে পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ কোচপাৰাৰ পৰা মাঝিৰগাঁৱলৈকে এই সমগ্ৰ অঞ্চলটো পৰ্যবেক্ষণ কৰে ৷ দলটোৰ প্ৰতিনিধি অখিল বৈশ্যই কয় যে অনতি পলমে যদি অতি দুৰ্বল বান্ধটোক মেৰামতি নকৰে ৷তেন্তে মাঝিগাঁৱ,কেন্দুকুচি, গাৰাল,ভাট্টাপাৰা, কুহাবাৰী আদিৰ লগতে বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ পানীয়ে জলমগ্ন কৰিব।

যদি এই অঞ্চলটো জলমগ্ন হ’লে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ ডুব যাব ৷ উল্লেখ্য যে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জল সম্পদ বিভাগৰ লগত পূব গুৱাহাটীৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত বানৰ সন্দৰ্ভত অঞ্চলটো পৰ্যবেক্ষণ কৰে ৷

উল্লেখ্য যে বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগক স্মাৰন পত্ৰ প্ৰদান কৰি অসমলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে পোষকতা কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধিৰ পিছত পানীৰ তলত ফেন্সী আৰু উজান বজাৰ

Next Story
চাকৰি