Begin typing your search above and press return to search.

নামনি অসমত অপৰিবৰ্তিত বান পৰিস্থিতি: বানত মৃত্যু ৬৯ জনলৈ বৃদ্ধি

নামনি অসমত অপৰিবৰ্তিত বান পৰিস্থিতি: বানত মৃত্যু ৬৯ জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2019 6:26 AM GMT

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হৈছে । যোৱা ২৪ ঘন্টাত মায়ং আৰু ধেমাজি দুজন লোকৰ মৃত্যু হৈছে । ভূটানত ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলত নামনি অসমত বান পৰিস্থিতি অপৰিবৰ্তিত। কোকৰাঝাৰ , বেকি, পুথিমাৰিত বৰ্তমানেও জলমগ্ন । ধুবুৰী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰ বৰ্তমানেও বিপদসীমাৰ ওপৰৰে বৈ আছে। আনহাতে কৰিমগঞ্জত কুশিয়াৰা, শোণিতপুৰত জিয়া ভৰলু বিপদসীমাৰ ওপৰৰে বৈছে ।

সোমবাৰে নিশা হোৱা বৰষুণৰ ফলত আলিপুৰদুৱাৰ শাখাৰ উত্তৰ পূৰ্বাঞ্চল ৰেলৱে যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰজপাত আৰু ভূমিস্খলনতো নিহত হয় কেইবা জনো লোক ।

ৰাজ্যৰ বিধ্বংসী বানত লোকসকলৰ ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ইফালে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰৰ লগত জিয়া ভৰালী ৷ আনহাতে সোমবাৰলৈকে বিশেষকৈ ১৮ খন জিলাৰ ৫৯ ৰাজহ চক্ৰৰ ২২৮৩ খন গাঁৱৰ ৩০,৫৫,৮৩৭ জন ব্যক্তি বানত প্ৰভাৱিত হৈছে ৷ বানত প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা,নলবাৰী, চিৰাংগ,বঙাইগাঁৱ, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ (মেট্ট),মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰ ৷

সম্প্ৰতি ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা, চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, গোৱালপাৰা, কামৰূপ,মৰিগাঁও,নগাঁও, গোলাঘাট আৰু যোৰহাট জিলাত ৬৪৪ টা শিবিৰত ৯৬,৪৪৯০ জন বানাক্ৰান্তই আশ্ৰয় লৈ আছে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক সংবাদ বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰায় ১,১৪,১৭৯ হেক্টৰ কৃষি ভূমি বানত প্ৰভাৱিত হৈছে ৷ আৰু জিলা প্ৰশাসনে স্থাপন কৰা ৭৫৭ টা শিবিৰত ৯৭০০০ লোক আশ্ৰয় লৈ আছে ।ইয়াৰ মাজতে আইএএনএছে বন বিভাগৰ কৰ্তৃপক্ষৰ অনুসৰি ১৮৭ টা জন্তুৰ ভিতৰত ১৫ টা গড়,এটা হাতী আৰু ১০০ টাতকৈও অধিক হৰিণৰ লগতে ১৮৭ টা জন্তু মৃত্যু হয় বানত ৷

বানৰ প্ৰভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰায় ৯০ শতাংশ জলমগ্ন কৰিছে ৷যাৰ কাৰণে জীৱ জন্তুসমূহ ওখ ঠাইত আশ্ৰয় লৈছে। অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই মন্তব্য কৰিছে যে সম্প্ৰতি অভয়াৰণ্য খনত বানৰ প্ৰকোপ হ্ৰাস পাইছে ৷ এজন কৰ্তৃপক্ষই মত অনুসৰি বানৰ পৰিমাণ সম্প্ৰতি হ্ৰাস পাইছে ৷

বিগত এসপ্তাহৰ পিছত বানপানীয়ে লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে বৃহস্পতিবাৰে লক্ষীমপুৰৰ ব্ৰহ্মপুত্ৰ,সোৱনশিৰী, ৰঙানদী,কাকৈ,বগীনদী,শিঙাগৰা,পাভা,ডিক্ৰং আৰু ড্ৰপাঙৰ জলস্তৰ হ্ৰাস পায়। ইয়াৰ লগে লগে জিলাখনৰ বান পৰিস্থিতিত কিছু পৰিমাণে সকাহ পাইছে বানাক্ৰান্তই ৷

অধিক খবৰৰ বাবে পঢ়ক: অসমলৈ ৫১ লাখ টকাৰ বান সাহাৰ্য্য মেগাষ্টাৰ অমিতাভ বচ্ছনৰ

Next Story
চাকৰি