Begin typing your search above and press return to search.

অসমৰ প্ৰলংয়নকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি

অসমৰ প্ৰলংয়নকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2019 8:26 AM GMT

অসমৰ প্ৰলয়ংকাৰী বানত মৃত্যু সংখ্যা দিনক দিনে বৃদ্ধি পাইছে ।বৰপেটা জিলাত মৃত্যু হোৱা এজন লোকৰ সহিতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত ২৪ ঘন্টাত ৮২ জনলৈ বৃদ্ধি পাইছে ৷১৮ খন জিলাত ৫৬ টা ৰাজহ চক্ৰত ১৭১৬ খন গাঁৱত ২১,৬৮,১৩৪ জন লোক বানত প্ৰভাৱিত হৈছে। ধেমাজী,শোনিতপুৰ, দৰং,বাক্সা,বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী,গোৱালপাৰা,কামৰূপ, কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাওঁ,গোলাঘাট,যোৰহাট আৰু কাছাৰত বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছিল ৷

বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাওঁ, কোকৰাঝাৰ,ধুবুৰী,কামৰূপ,মৰিগাঁও,নগাঁও, গোলাঘাট আৰু যোৰহাটত ৬১৫ টা শিবিৰত ৯৯৬৫৯ জন লোকে আশ্ৰয় লৈ আছে ৷ ইফালে ৪৯ টা কেন্দ্ৰই শোনিতপুৰ,বৰপেটা, কোকৰাঝাৰ,কামৰূপ আৰু মৰিগাওঁত খাদ্য বিতৰণ কৰি আছে ৷ আনহাতে ব্ৰহ্মপুত্ৰৰ নিমাতীঘাট(যোৰহাট),জিয়া ভৰালী,পুঁথিমাৰী,বেকীআৰু কৰিমগঞ্জৰ কুশিয়াৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

বানত ৰাজ্যৰ প্ৰায় ৪ লাখ হেক্টৰ কৃষি ভূমি এইবাৰ দীঘলীয়া সময়ৰ বাবে পানীৰ তলত থাকিবলগীয়া হোৱাত সকলো খেতি নষ্ট হয় ৷ এতিয়াও ৰাজ্যৰ প্ৰায় ১.৫ লাখ হেক্টৰ কৃষিভূমি বানপানীৰ তলতে আছে ।উল্লেখ্য যে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ কাৰণে সম্প্ৰতি নামনি অসমত বান পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে।

ভূটানৰ কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানী এৰাৰ পিছত বৰপেটা,নলবাৰী,বাক্সা,চিৰাং,কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ বান পৰিস্থিতি সম্প্ৰতি অত্যন্ত শোচনীয় হৈ পৰিছে ।সংবাদ বিজ্ঞপ্তি অনুসৰি প্ৰায় ১৪০৪ ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু ৫৩৪ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানত যথেষ্ঠ পৰিমাণৰ কৃষি ভূমি নষ্ট হৈছে ৷তাৰ ভিতৰত বৃহস্পতি বাৰে ক্ষতিগ্ৰস্ত হোৱা কৃষি ভূমিৰ পৰিমাণ হৈছে ১,৩০,৩৮৩.৭০ হেক্টৰ ৷ইয়াৰ মাজতে ডাঙৰ সৰু মিলাই ১৬ টা জন্তুৰ মৃত্যু হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰায় ১৭০ চেন্টি মিটাৰ জলস্তৰ হ্ৰাস পাইছে ।কিন্তু ১৫ টা শিবিৰ সম্প্ৰতি এতিয়াও জলমগ্ন হৈ আছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক বিশেষ সূত্ৰৰ মতে ২৪ জুলাইৰ পৰা প্ৰায় ২০৮ টা বন্যজীৱৰ মৃত্যু হৈছে ৷ ইফালে ওডালগুৰি আৰু বাক্সাত গৰাখহনীয়াৰ সমস্যা দেখা গৈছে ।বৰপেটা আৰু বিশ্বনাথৰ বহু স্থানত বান্ধৰ ক্ষতি গ্ৰস্তৰ কাৰণে নলবাৰী,ধুবুৰী,বৰপেটা,চিৰাং,বাক্সাত ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে বৰপেটাত চাৰিখন বিদ্যালয় জলমগ্ন হোৱাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: বান বিধস্ত ৰাজ্য: অসমলৈ ৫ কোটিৰ বান সাহাৰ্য্য উত্তৰাখণ্ড চৰকাৰৰ

Next Story
চাকৰি