ক’ৱিড-১৯: আঠ দফীয়া আৰ্থিক সকাহ ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ

ক’ৱিড-১৯: আঠ দফীয়া আৰ্থিক সকাহ ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ

ক’ৱিড-১৯: আঠ দফীয়া আৰ্থিক সকাহ ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ

ক’ৰ’না ভাইৰাছ সৃষ্ট মহামাৰীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ বাবে এলানি আঠ দফীয়া আৰ্থিক সকাহ ঘোষণা কৰিছে ৷ মঙলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই আঠ দফীয়া আৰ্থিক সকাহ ঘোষণা কৰে ৷ বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা এই আঠ দফীয়া আৰ্থিক সকাহ হ’লঃ

(১) ২০১৮-১৯ৰ আয়কৰ পৰিশোধৰ অন্তিম তাৰিখ অহা ৩০জুনলৈ বৃদ্ধি,

২) আধাৰ-পানকাৰ্ড সংযোগীকৰণৰ সময় অহা ৩০জুনলৈ বৃদ্ধি ৷ পূৰ্বে এই সীমা অহা ৩১মাৰ্চ আছিল ৷

৩) বিবাদ চে বিশ্বাসৰ ম্যাদ অহা ৩০জুনলৈ বৃদ্ধি ৷ অতিৰিক্ত ১০ শতাংশ কৰ নাথাকে ৷

৪) সকলো কৰ-শুল্কৰ জাননী জাৰিৰ ম্যাদ অহা ৩০জুনলৈ বৃদ্ধি ৷

৫) চলিত বৰ্ষৰ মাৰ্চ, এপ্ৰিল আৰু মে’ৰ জি এছ টি পৰিশোধৰ সময় অহা ৩০ জুনলৈ বৃদ্ধি ৷

৬) কৰ জমা দিয়া পলম হ’লে বাৰ্ষিক পাঁচ কোটি টকাৰ লাভা-লাভ অৰ্জন কৰা কোম্পানীসমূহক কোনোধৰণৰ জৰিমনা বিহা নহয় ৷ ততোধিক লাভা-লাভ অৰ্জন কৰা কোম্পানীসমূহক ৯ শতাংশ জৰিমনা বিহা হ’ব ৷

৭) পৰিস্থিতি অনুসৰি ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ-প্ৰতিষ্ঠান(MSME)সমূহৰ ক্ষেত্ৰত থকা ৭, ৯, ১০দফা ছমাহলৈ(৩০এপ্ৰিলৰ পাছত) বাতিল কৰা হ’ব পাৰে ৷

৮) নতুনকৈ স্থাপিত কোম্পানীসমূহক স্থাপনৰ সময় ঘোষণাৰ বাবে ছমাহ সময় প্ৰদান ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com