হোটেলৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগৰ তীক্ষ্ণ দৃষ্টি

হোটেলৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগৰ তীক্ষ্ণ দৃষ্টি

হোটেলৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগৰ তীক্ষ্ণ দৃষ্টি ৷ মংগলবাৰে খাদ্য সুৰক্ষা বিভাগে মহানগৰীৰ কিছুমান হোটেলক তদন্ত কৰে। ইয়াৰ পিছত খাদ্য সুৰক্ষা বিভাগৰ ২০০৬ ৰ অধিনিয়ম ৩২ ৰ আধাৰত হোটেলসমূহক এক সপ্তাহৰ কাৰণে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ৷ ইয়াৰ ভিতৰত দিচাং হোটেল,জিএএমএচ ডেলিচিটী,মন্দাকিনী হোটেল,পায়ল হোটেল অন্তৰ্ভূক্ত হৈ আছে ৷

লগতে গনেশ গুৰিৰ আশীৰ্বাদ,ৰিহাবাৰীৰ চিটী হাৰ্ট হোটেল,মা কালী হোটেল,জয়শ্ৰী হোটেল আৰু ভৰলুমুখৰ শ্বাহ হোটেলৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷কামৰূপৰ খাদ্য সুৰক্ষা বিভাগৰ এজন জেষ্ঠ্য বিষয়াই কয় যে হোটেল সমূহৰ তদন্তৰ সময়ত জিএএমএচ ডিলিচিটীৰ বাহিৰে বাকী হোটেলসমূহত লাইচেন্সৰ ক্ষেত্ৰত ব্যাপক খেলামেলিৰ সৃষ্টি হৈছে ৷

এই হোটেলসমূহত যোৱা লোকসকলৰ কাৰণে সকলো ধৰণৰ উপযুক ব্যৱস্থা নাই। ইয়াৰ ভিতৰত নিম্ন মানৰ বিদ্যুৎৰ ব্যৱস্থা,হোটেল চৌপাশৰ লগতে দেৱালৰ কদৰ্যময় পৰিবেশ,বিশুদ্ধ খোৱা পানীৰ অভাৱ আদি প্ৰধান ৷লগতে এই হোটেল সমসূহক সাত দিনৰ ভিতৰত তেওঁলোকৰ পাকঘৰ সমূহৰ ব্যৱস্থা উন্নত কৰিবলৈ নিৰ্দেশ দিয়ে কৰ্তৃপক্ষই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com