Begin typing your search above and press return to search.

বিৰোধীয়ে আসনৰ চিন্তা এৰক, সংসদত সক্ৰিয় হওঁক: নৰেন্দ্ৰ মোদী

বিৰোধীয়ে আসনৰ চিন্তা এৰক, সংসদত সক্ৰিয় হওঁক: নৰেন্দ্ৰ মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2019 6:46 AM GMT

গণতন্ত্ৰত বিৰোধীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে প্ৰকাশ কৰে যে বিৰোধীয়ে আসনৰ চিন্তা কৰাৰ সলনি লোকসভাত সক্ৰিয় ভাৱে অংশগ্ৰহন কৰিবলৈ আহ্বান জনাই।

১৭ সংখ্যাক লোকসভাৰ প্ৰথম দিনা শপত গ্ৰহণৰ পূৰ্বে মোদীয়ে প্ৰকাশ কৰে যে , এখন গণতান্ত্ৰিক দেশৰ বাবে সদনত বিৰোধী আৰু সক্ৰিয় বিৰোধীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

সদনৰ চৌহদত নৰেন্দ্ৰ মোদীয়ে সাংবাদিক আগত প্ৰকাশ কৰে যে , বিৰোধীয়ে তেওঁলোকৰ আসনৰ চিন্তা এৰক । সদনৰ পক্ৰিয়াত সহযোগ কৰাৰ লগতে, সক্ৰিয় সহযোগিতা আশা কৰো বুলি মোদীয়ে কয় ।

লোকসভা নিৰ্বাচনত ৫৪২ খন আসনৰ ভিতৰত এন ডি এয়ে ৩৫৩ খন আসন লাভ কৰিছিল । আনহাতে দেশৰ দ্বিতীয়টো বৃহৎ দল কংগ্ৰেছে ৫২ খন আসন লাভ কৰে।

লগতে সাংসদ সকলক দেশৰ হৈ কাম কৰাৰ লগতে জনসাধাৰণৰ সমস্যা সমূহ উত্থাপন কৰিবলৈ আহ্বান জনাই মোদীয়ে ।

আমি যেতিয়া সদনলৈ আহো তেতিয়া পক্ষ আৰু বিপক্ষ পাহৰি যাব লাগে। নিৰপেক্ষ হৈ আমি বিষয় সমূহ উত্থাপন কৰিব লাগে আৰু দেশৰ হকে কাম কৰিব লাগে ।

সাংসদ সকলে সঠিক ভাৱে কাম পৰিচালিত কৰিলেহে জনসাধাৰণৰ আশা আকাংক্ষা সমূহ পূৰন হব বুলি প্ৰকাশ কৰে মোদীয়ে ।

লোকসভা নিৰ্বাচনৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো সাংসদে স্বাগতম জনাই আৰু প্ৰকাশ কৰে যে, তেওলোকৰ সৈতে নতুন আশা, নতুন আকাংক্ষা আৰু পৰিবেশন কৰাৰ নতুন দৃঢ়তা আছে ।

মোদীয়ে নতুন লোকসভাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে । নতুন লোকসভা খনত অধিক সংখ্যকে মহিলা আছে বুলি প্ৰকাশ কৰে।

অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰ’টেম অধক্ষ্য হিচাপে বীৰেন্দ্ৰ কুমাৰক শপত বাক্য পাঠ কৰোৱাই।

আজি বহুকেইজন সাংসদে নিজৰ মাতৃভাষাত শপত বাক্য পাঠ কৰে। তাৰ পাছতে মোদীৰ লগতে আন সদস্য সকলে শপত গ্ৰহণ কৰে।বুধবাৰে অধ্যক্ষ নিৰ্বাচন কৰা হব ।

হাউচৰ নেতা আৰু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ লগতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ , গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে আন আন সদস্য সমূহে ১৭ সংখ্যাক লোকসভাত শপত গ্ৰহণ কৰে ।অধিবেশনৰ কাম কাজ আৰম্ভ হোৱাৰ আগত কেই মিনিট মানৰ বাবে মৌন প্ৰাৰ্থনা কৰে ।

যেতিয়া প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীক শপত গ্ৰহণ কৰিবলৈ মাতে তেতিয়া এন ডি এৰ সকলোৱে সদস্যয়ে মোদীক উষ্ম আদৰণি জনাই “মোদী মোদী” শ্লোগান দিয়াৰ লগতে “ভাৰত মাতা কি জেই ” বুলি শ্লোগান দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক:১৭ সংখ্যক লোকসভা প্ৰথম অধিবেশন আৰম্ভ: প্ৰধানমন্ত্ৰী , আন সদস্যৰ শপত গ্ৰহণ

Next Story
চাকৰি