Begin typing your search above and press return to search.

এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হৰি শংকৰ ব্ৰহ্মৰ

এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হৰি শংকৰ ব্ৰহ্মৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2019 6:52 AM GMT

এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হৰি শংকৰ ব্ৰহ্মৰ ৷ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত হৰি শংকৰ ব্ৰহ্মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত ৷ হৰি শংকৰ ব্ৰহ্মই কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তৈয়াৰ কৰোতে ক’ত ভুল হ’ল এইয়া ভবাটো নিৰৰ্থক ।অসমৰ লোকসকলৰ ভূমি অধিকাৰ সংৰক্ষন সমিতিৰ নেতৃত্ব কৰা ব্ৰহ্মই এনআৰচিক তদাৰক কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে ৷লগতে প্ৰকৃত ভাৰতীয় লোকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে এক নিৰ্দিষ্ট সময় সীমা দিব লাগে ৷ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী যদি ৰাজনীতিৰ মেৰপাকত সোমাই পৰে সেয়া দুৰ্ভাগ্য পূৰ্ণ হ’ব বুলি মন্তব্য কৰে প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত হৰি শংকৰ ব্ৰহ্মই ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতি বিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৩৩ খন জিলাত ২০০ অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক:The Golaghat District Go Palak Santha stages protest by throwing several litres of milk

Next Story