Begin typing your search above and press return to search.

কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱালৰ উপস্থিতিত বিজেপিত যোগদান ভূৱেনেশ্বৰ কলিতাৰ

কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱালৰ উপস্থিতিত বিজেপিত যোগদান ভূৱেনেশ্বৰ কলিতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Aug 2019 1:54 PM GMT

প্ৰাক্তন কংগ্ৰেছৰ সাংসদ ভূৱেনেশ্বৰ কলিতায়ে আজি বিজেপিত যোগদান কৰে । সোমবাৰে ৩৭০ অনুচ্ছেদৰ প্ৰসংগত পদত্যাগ কৰিছিল ভূৱেনেশ্বৰ কলিতায়ে । শুকুৰবাৰে নতুন দিল্লীত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে ভূৱেনেশ্বৰ কলিতায়ে ।

কেন্দ্ৰীয় মন্ত্ৰী পিয়ুয গোৱালৰ উপস্থিতিত নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা দলত যোগদান কৰে।৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছৰ পৰাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই বিজেপি দলত যোগদান কৰিব বুলি চলি আছিল চৰ্চা। প্ৰাক্তন উদ্যোগ মন্ত্ৰী, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, APCC ৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।ভুৱনেশ্বৰ কলিতা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাত কংগ্ৰেছৰ ‘চীফ হুইপ’ও আছিল।উল্লেখ্য যে ভুৱনেশ্বৰ কলিতাই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলক সমৰ্থন কৰাৰ উপৰি সংসদতো সৰৱ হৈ পৰিছিল।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসমৰ পৰা নিৰ্বাচিত আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও পদত্যাগ কৰিছিল।সিঙে বিজেপিত যোগদান কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাইছে। সঞ্জয় সিঙৰ পাছত পদত্যাগ কৰা ভূৱনেশ্বৰ কলিতা হৈছে অসমৰ দ্বিতীয়গৰাকী সাংসদ।

ভূৱেনেশ্বৰ কলিতায়ে হঠাৎ ৰাজ্য সভাৰ পৰা পদত্যাগ বিষয়টো তীব্ৰ চৰ্চা লাভ কৰিছিল । অমিত শ্বাহেয়ে সদনত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ বিল উত্থাপন কৰিছিল । তেওঁৰ এই পদক্ষেপত তীব্ৰ সমালোচনা কৰিছিল সকলোৱে । ভূৱেনেশ্বৰ কলিতায়ে বিজেপিত যোগদান কৰাৰ কথা চৰ্চা চলি থকা পৰিলক্ষিত হৈছিল । আৰু আছি অবশেষত নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱালাৰ উপস্থিতিত বিজেপিত যোগদান কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যসভাৰ পৰা পদত্যাগ অসমৰ কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:AAMSU members across Assam stages 2-hour sit-in | The Sentinel News | Assam News

Next Story
চাকৰি