Begin typing your search above and press return to search.

এনআৰচিৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

এনআৰচিৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2019 4:52 AM GMT

এনআৰচিৰ তদাৰক উচ্চতম ন্যায়ালয়ে কৰা নাই ৷ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ লগতে গগৈয়ে কয় যে এনআৰচিৰ প্ৰক্ৰিয়া শীৰ্ষ আদালতক অৰ্পণ কৰিব । মংগলবাৰে দিছপুৰত মন্ত্ৰীসকলৰ কলনীৰ আবাসত এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে মই সৰ্বোচ্চ ন্যায়ালয়ত এখন প্ৰতিবেদন দাখিল কৰিম ৷ আৰু এক প্ৰশ্ন কৰিম যে এনআৰচিক শীৰ্ষ আদালতৰ নিৰ্দেশানুসাৰ কৰা হৈছেনে? অৰ্থাৎ এনআৰচিৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰস্তুত কৰা নাই ।

লগতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে আপুনি এনআৰচিৰ সন্দৰ্ভত স্পষ্টীকৰণ দিব লাগে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে। গগৈৰ মন্তব্য যে সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে লাখ লাখ ভাৰতীয় লোক বিদেশী হিছাপে চিনাক্ত হ’ল।

সম্প্ৰতি চৰকাৰে এই সকলো ভাৰতীয়ক বিদেশী ন্যায়াধীকৰণলৈ স্থানান্তৰ কৰিব বিছাৰিচে ।আৰু যেতিয়ালৈকে বিদেশী ঘোষিত নহয় তেতিয়ালৈকে বিদেশী ন্যায়াধীকৰণলৈ কিয় যাব লাগে?কাৰ ভূলৰ কাৰনে লাখৰো অধিক লোকক বিদেশী বুলি প্ৰতিপন্ন কৰিলে। মোৰ মত আনুসৰি এনআৰচিত বহু ত্ৰুটি আছে ৷ গতিকে এই ত্ৰুটি শুধৰাব লাগিব ৷

অধিকাংশ হিন্দু,বাঙালী,গোৰখা, হিন্দী ভাষী,আদিবাসী আৰু অন্যান্য লোকসকলক এনআৰচিত অন্তৰ্ভূক্ত কৰা নাই ৷এন মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।কেন্দ্ৰক সমালোচনা কৰি তৰুণ গগৈয়ে কয় যে সম্প্ৰতি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কিয় নিমাত আছে ৷পূৰ্বতে অমিত শ্বাহে কৈছিল ৪০ লাখ লোকক চিনাক্ত কৰা হ’ব ।

গতিকে সম্প্ৰতি এনআৰচি প্ৰকাশৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ স্থিতি কি? এনআৰচি প্ৰকাশৰ পিছত চৰকাৰে কৈছে যে এনআৰচিৰ সন্দৰ্ভে তেওঁলোকে একো নাজানে ৷এইয়া কেনেকৈ সম্ভৱ ৷মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া দিছে দিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কোনো প্ৰতিক্ৰিয়া দিয়া নাই। কাৰণ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোনোৱালৰ স্থিতি আৱশ্যকীয় ৷এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:আমছুৰ কাৰণে এনআৰচিৰ কামত বিলম্ব:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ভিডিঅ প্ৰতক্ষ্য কৰক:Biswanath farmers worried over pest attack on rice crops | The Sentinel News | Assam News

Next Story
চাকৰি