Begin typing your search above and press return to search.

বিশ্বনাথত আৰক্ষীৰ সফলতা:গ্ৰেপ্তাৰ হ’ল ১০ জন জুৱাৰী

বিশ্বনাথত আৰক্ষীৰ সফলতা:গ্ৰেপ্তাৰ হ’ল ১০ জন জুৱাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2019 12:41 PM GMT

বিশ্বনাথ জিলা আৰক্ষীৰ এক বৃহৎ সফলতা।বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেছ ৰোচনৰ নিৰ্দেশ মৰ্মে DSP মোজাফৰ হুছেইনৰ নেতৃত্বত যোৱা এটি ১৫ জনীয়া আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে ১০ জনকৈ জুৱাৰীক। আৰক্ষীৰ দলটোৱে উদ্ধাৰ ১ লাখ টকা, ১৪৪ টা জুৱাত ব্যৱহাৰ কৰা টোকেন আৰু ১০৪ খন তাচপাত।

লগতে জব্দ কৰে AS 12 K-2811 নম্বৰৰ এখন হুণ্ডাই ভাৰনা, AS01ED-1036 নম্বৰৰ এখন হোণ্ডা চিটি আৰু AS01BQ- 9715 নম্বৰৰ এখন মাৰুতি চুইফ্ট ডিজায়াৰ সহ ৩ খনকৈ মটৰ চাইকেল। ইফালে বিশ্বনাথৰ বৰকুৰাত থকা ৰাতুল বৰাৰ বটল ফেক্টৰীৰ এটা কোঠাত জুৱা খেলি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে জুৱাৰী কেইজনক। গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইজন ৰাতুল বৰা, অযোধ্যা গুপ্তা, চালাম আলী, ভগৱন্ত বড়ো ( গুৱাহাটী বিশ্ববিদ্যালয়ৰ জুল'জী বিভাগৰ স্পেচিমেন কালেক্টৰ), দীপেন বৰা ( অসম গ্ৰামীন বিকাশ বেংকৰ পিয়ন), মনোজ চাহ, আব্দুল হালিম, কুদ্ৰত আলী, হালিম উদ্দিন আৰু ৰচিদ খান।

উল্লেখ্য যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ডিএচপি মোজাফৰ হুছেইনে কয় যে আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন চাৰে বৰকুৰাত পূজাৰ উপলক্ষে জুৱা চলিছে বুলি তথ্য দিয়ে ৷ইয়াৰ পিছতে আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে দিয়া নিৰ্দেশ অনুসৰি প্ৰায় পোন্ধৰ জনীয়া আৰক্ষী দল জুৱাৰ স্থলীত উপস্থিত হয়। বৰকুৰাত থকা ৰাতুল বৰা নামৰ ব্যৱসায়ী জনৰ ফেক্টৰীৰ এটা কোঠাত ১০জন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে অন্যান্য বাহনৰ লগতে স্কুটী,বাইক আৰু কোঠাৰ এচি আদিও জব্দ কৰে আৰক্ষীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক:বিশ্বনাথত আৰক্ষীৰ জালত ভূৱা মাৰ্কশ্বিত আৰু চাৰ্টিফিকেট যোগান ধৰা চক্ৰৰ এজন লোক

ভিডিঅ প্ৰতক্ষ্য কৰক:Gambling Den busted in Biswanath, 10 Arrested

Next Story
চাকৰি