Begin typing your search above and press return to search.

গৌতম ৰয়, শান্তিয়াছ কুজুৰ আৰু হিৰণ্য ভূঞাৰ বিজেপিত যোগদান

গৌতম ৰয়, শান্তিয়াছ কুজুৰ আৰু হিৰণ্য ভূঞাৰ বিজেপিত যোগদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2019 9:44 AM GMT

তিনিজন কংগ্ৰেছী নেতা ক্ৰমে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়,প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ,আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হিৰণ্য ভূঞাই দেওবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ীৰ ভৱনত আনুষ্ঠানিক ৰূপত বিজেপিত যোগদান কৰে ৷ তিনিজন কংগ্ৰেছী নেতাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস,নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য নেতা সকলৰ উপস্থিতিত বিজেপিত যোগদান কৰে ।

তিনিওজন কংগ্ৰেছী নেতাই কয় যে বিজেপি চৰকাৰে কৰাৰ কামৰ দ্বাৰা প্ৰভাৱিত হৈ বিজেপিত তেওঁলোকে যোগদান কৰিছে। ৰঞ্জিত দাসে মন্তব্য কৰে যে তেওঁলোক আমাৰ দৰেই বিজেপিৰ কাৰ্যকৰ্তা ৷গৌতম ৰয় বৰাকৰ ৰজা আছিল যদিও সম্প্ৰতি তেওঁ বৰাকৰ ৰজা নহয়, বিজেপিৰ সক্ৰিয় কৰ্মকৰ্তাহে। নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ লগত বিজেপিৰ ব্যৱহাৰত উল্লেখ্যনীয় অন্তৰ আছে ৷

বিজেপিৰ নিজস্বতা আছে ৷সম্প্ৰতি তেওঁলোক বিজেপিত যোগদান কৰিছে কাৰণে কিছুমান বৈশিষ্ট্য এৰিব লাগিব ।তেওঁলোকে কংগ্ৰেছক বহুত দিলে এতিয়া বিজেপিক দিবলৈ সাজু হওঁক ৷যদি তেওঁলোকে সমাজক কিবা দিব বিচাৰিছে তেতিয়া বিজেপি এখন বিশাল মঞ্চ ৷

শুকুৰবাৰে নতুন দিল্লীত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে ভূৱেনেশ্বৰ কলিতায়ে ।কেন্দ্ৰীয় মন্ত্ৰী পিয়ুয গোৱালৰ উপস্থিতিত নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা দলত যোগদান কৰে।৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছৰ পৰাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই বিজেপি দলত যোগদান কৰিব বুলি চলি আছিল চৰ্চা। প্ৰাক্তন উদ্যোগ মন্ত্ৰী, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, APCC ৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।ভুৱনেশ্বৰ কলিতা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাত কংগ্ৰেছৰ ‘চীফ হুইপ’ও আছিল।উল্লেখ্য যে ভুৱনেশ্বৰ কলিতাই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলক সমৰ্থন কৰাৰ উপৰি সংসদতো সৰৱ হৈ পৰিছিল।

কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত। ৰাষ্ট্ৰীয় দলটোত অব্যাহত আছে খহনীয়া। ইজনৰ পিছত সিজনকৈ নেতাই এতিয়া এৰি কংগ্ৰেছ দল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসমৰ পৰা নিৰ্বাচিত আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও পদত্যাগ কৰিছিল।সিঙে বিজেপিত যোগদান কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাইছে।

অন্য খবৰৰ বাবে পঢ়ক: কংগ্ৰেছৰ জেষ্ঠ নেতা গৌতম ৰয় আৰু শান্তিউজ কুজুৰৰ দল ত্যাগ

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Next Story
চাকৰি