Begin typing your search above and press return to search.

কংগ্ৰেছৰ জেষ্ঠ নেতা গৌতম ৰয় আৰু শান্তিউজ কুজুৰৰ দল ত্যাগ

কংগ্ৰেছৰ জেষ্ঠ নেতা গৌতম ৰয়  আৰু শান্তিউজ কুজুৰৰ দল ত্যাগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Aug 2019 12:58 PM GMT

কংগ্ৰেছত খহনীয়া আৰম্ভ হৈছে । কংগ্ৰেছৰ জেষ্ঠ নেতা এজনৰ পিছত আন এজনে দলৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ সাংসদ সঞ্জয় সিঙৰ পদত্যাগৰ পাছত সাংসদ ভূৱেনেশ্বৰ কলিতায়ে পদত্যাগ কৰাৰ পিছত আজি শান্তিউজ কুজুৰ আৰু গৌতম ৰয়ে পদত্যাগ কৰে । দেওবাৰে বিজেপিৰ মুখ্য কাৰ্যলয়ত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে গৌতম ৰয়ে।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শান্তিয়াজ কুজুৰে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটীলৈ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰে প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত শান্তিয়াজ কুজুৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ গৌতম ৰয়ে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। বিজেপিত যোগদান সন্দৰ্ভত ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে বৈঠকত মিলিত হৈছে গৌতম ৰয়।

শুকুৰবাৰে নতুন দিল্লীত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে ভূৱেনেশ্বৰ কলিতায়ে ।কেন্দ্ৰীয় মন্ত্ৰী পিয়ুয গোৱালৰ উপস্থিতিত নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা দলত যোগদান কৰে।৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছৰ পৰাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই বিজেপি দলত যোগদান কৰিব বুলি চলি আছিল চৰ্চা। প্ৰাক্তন উদ্যোগ মন্ত্ৰী, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, APCC ৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।ভুৱনেশ্বৰ কলিতা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাত কংগ্ৰেছৰ ‘চীফ হুইপ’ও আছিল।উল্লেখ্য যে ভুৱনেশ্বৰ কলিতাই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলক সমৰ্থন কৰাৰ উপৰি সংসদতো সৰৱ হৈ পৰিছিল।

কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত। ৰাষ্ট্ৰীয় দলটোত অব্যাহত আছে খহনীয়া। ইজনৰ পিছত সিজনকৈ নেতাই এতিয়া এৰি কংগ্ৰেছ দল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসমৰ পৰা নিৰ্বাচিত আন এগৰাকী ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও পদত্যাগ কৰিছিল।সিঙে বিজেপিত যোগদান কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাইছে। সঞ্জয় সিঙৰ পাছত পদত্যাগ কৰা ভূৱনেশ্বৰ কলিতা হৈছে অসমৰ দ্বিতীয়গৰাকী সাংসদ।ভূৱেনেশ্বৰ কলিতায়ে পদত্যাগ কৰাৰ পিছত আজি কংগ্ৰেছ দলক মোক্ষম আঘাত কৰি শান্তিউজ কুজুৰ আৰু গৌতম ৰয়ে পদত্যাগ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱালৰ উপস্থিতিত বিজেপিত যোগদান ভূৱেনেশ্বৰ কলিতাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:ULFA(I) cadre surrendered before Sonari Police

Next Story
চাকৰি