কৰ্নাটকত প্ৰলয়ংকাৰী বান: জীৱন ৰক্ষাৰ বাবে ঘৰৰ চালত ঘৰিয়াল

কৰ্নাটকত প্ৰলয়ংকাৰী বান: জীৱন ৰক্ষাৰ বাবে ঘৰৰ চালত ঘৰিয়াল

দেশৰ বিভিন্ন ৰাজ্যত প্ৰলয়ংকাৰী বানে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰিছে । কৰ্নাটকত বানে বিভিষিকাৰ সৃষ্টি কৰিছে । বিভিন্ন বানপিৰিত অঞ্চলৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

কৰ্নাটকৰ বেজিয়ামত এক ভয়াবহ দৃশ্য পোহৰলৈ আহিছে । পানীৰ পৰা জীৱন ৰক্ষাৰ বাবে ঘৰৰ চালত ঘৰিয়ালে আশ্ৰয় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ঘৰিয়ালটো প্ৰায় ১২ ফিট হব। দেশৰ কেইবাখনো ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত্যু হৈছে ২০০ৰো অধিক লোকৰ। মধ্য প্ৰদেশ, কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাটৰ লগতে কেইবাখনো ৰাজ্যত বান আৰু মূষলধাৰ বৰষুণৰ ফলত ভয়াবহ পৰিস্থিতি সৃষ্টি কৰিছে।

বান–ভূমিস্খলনত এইপৰ্যন্ত ৰাজ্যখনত ৭২জন লোকৰ মৃত্যু হৈছে। আশ্ৰয় শিবিৰত আছে ২.২৭ লাখ লোক।কৰ্ণাটকত ৫,৮১,৭০২ লোকক স্থানান্তৰিত কৰা হৈছে ।১৪ খন জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে । আনহাতে , ইৰনাকুলাম, আইদুকি, পালাকাড, মালাপুৰম , কহিকোদ, ৱায়ানাড় , কান্নুৰ আৰু কাছাৰগোদ আদিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে । ১,১১১ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

সমান্তৰালকৈ কৰ্নাটকতো বানৰ প্ৰলয়ংকাৰী ৰূপ। বৰ্তমানলৈকে ২০০ৰো অধিক লোকক নিহত হোৱাৰ লগতে, ২,০০,০০০ লোকক স্থানান্তৰিত কৰা হৈছে । বিদুৎ কৰ্তন কৰাৰ লগতে বাছ সেৱাও ব্যাহত হৈ পৰিছে । চৰকাৰে ৬,০০০ কোটি মুকলি কৰি দিছে ।কৰ্ণাটকতো জটিল হৈছে বান পৰিস্থিতি।মুখ্যমন্ত্ৰী বি এচ য়েদিয়ুৰাপ্পায়ে ৪৫ বছৰত বৃহৎ বানপানী হৈছে বুলি প্ৰকাশ কৰিছে ।ঠায়ে ঠায়ে বানে উটুৱাই লৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ, কংক্ৰীটৰ দলং। নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলো এতিয়া বানপানীৰ কবলত।বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰা অনুসৰি আগন্তুক ৪৮ ঘণ্টাত গোৱা,কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটকত মূখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে, ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে ৰাজ্য কেইখনৰ জনসাধাৰণ।

বিভিন্ন প্ৰান্তত বানে ক্ষতি কৰিছে বুলি প্ৰকাশ কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে । ৰাজ্য কেইখনত স্তব্ধ হৈ পৰিছে জনজীৱন । আনহাতে , ইৰনাকুলাম, আইদুকি, পালাকাড, মালাপুৰম , কহিকোদ, ৱায়ানাড় , কান্নুৰ আৰু কাছাৰগোদ আদিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com