Begin typing your search above and press return to search.

কেৰেলাত বানৰ সংহাৰী ৰূপ: ৪০ জনকৈ মৃত্যু , ১৪ জিলালৈ সতৰ্কতা

কেৰেলাত বানৰ সংহাৰী ৰূপ: ৪০ জনকৈ মৃত্যু , ১৪ জিলালৈ সতৰ্কতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Aug 2019 1:55 PM GMT

কেৰেলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । বৰ্তমানলৈকে ৪০ ৰো অধিক লোকৰ মৃত্যু হৈছে । ১৪ খন জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে । আনহাতে , ইৰনাকুলাম, আইদুকি, পালাকাড, মালাপুৰম , কহিকোদ, ৱায়ানাড় , কান্নুৰ আৰু কাছাৰগোদ আদিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে । কুচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বহুকেইখন বিমান সেৱা বাতিল কৰা হৈছে ।

সমগ্ৰ ৰাজ্যতে ১,২৪,৪৬৪ লোকক স্থানান্তৰিত কৰা হৈছে । ১,১১১ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সমান্তৰালকৈ কৰ্নাটকতো বানৰ প্ৰলয়ংকাৰী ৰূপ। বৰ্তমানলৈকে ২৪ জন লোক নিহত হোৱাৰ লগতে, ২,০০,০০০ লোকক স্থানান্তৰিত কৰা হৈছে । বিদুৎ কৰ্তন কৰাৰ লগতে বাছ সেৱাও ব্যাহত হৈ পৰিছে । চৰকাৰে ৬,০০০ কোটি মুকলি কৰি দিছে ।

কৰ্ণাটকতো জটিল হৈছে বান পৰিস্থিতি।মুখ্যমন্ত্ৰী বি এচ য়েদিয়ুৰাপ্পায়ে ৪৫ বছৰত বৃহৎ বানপানী হৈছে বুলি প্ৰকাশ কৰিছে ।ঠায়ে ঠায়ে বানে উটুৱাই লৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ, কংক্ৰীটৰ দলং। নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলো এতিয়া বানপানীৰ কবলত।

বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰা অনুসৰি আগন্তুক ৪৮ ঘণ্টাত গোৱা,কেৰালা, মহাৰাষ্ট্ৰ, কৰ্ণাটকত মূখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱণা আছে, ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে ৰাজ্য কেইখনৰ জনসাধাৰণ।

৮৭৪ খন গাঁও বানৰ কবলত । প্ৰশাসনে ২.০৭ লোকক স্থানান্তৰিত কৰিছে । কৰ্নাটকৰ চৰকাৰে ইতিমধ্যে ১০০ কোটি টকা মুকলি কৰি দিছে । বানপানীৰ লগতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । ভূমিস্খলন ৰ ফলত কোদাগু জিলাত ৭ জনকৈ লোকৰ মৃত্যু হৈছে । বৰষুণ অব্যাহত থকাৰ ফলত পৰিষ্ঠিতি অধিক ভয়াবহ হৈ পৰিছে । তথ্য মতে, ১,৪১০ কিলোমিটাৰ , ২১১ দলং, ৪,০১৯ চৰকাৰি ঘৰ, ৯২ পানী যোগানৰ আন্তঃগাঁথনি, ২৫৭৫ বিদুৎ খোটা আদি ক্ষতিগ্ৰস্থ হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :বানপীড়িতসকললৈ ১ লাখ টকাৰ সাহাৰ্য প্ৰদান দিচাং ৰিচ’ৰ্টৰ স্বত্তাধিকাৰী দিলীপ গগৈৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:6 ULFA(I) cadres, Two linkmen arrested in past 24 hours

Next Story
চাকৰি