Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰীৰ সংহাৰ : দেশত ২৩৯লৈ বৃদ্ধি মৃতকৰ সংখ্যা

ক’ৰ’না মহামাৰীৰ সংহাৰ : দেশত ২৩৯লৈ বৃদ্ধি মৃতকৰ সংখ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2020 8:36 AM GMT

ক’ৰ’না মহামাৰীৰ সংহাৰ : দেশত ২৩৯লৈ বৃদ্ধি মৃতকৰ সংখ্যা

ক্ৰমাৎ ভাৰতত সংহাৰ বৃদ্ধি পাইছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰীৰ ৷ প্ৰায় সমগ্ৰ দেশত এই মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমান সময়লৈকে ভাৰতত প্ৰায় ৭,৪৪৭ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ অৱস্থিতি। তদুপৰি ভাৰতবৰ্ষত ক’ৰ’না ৰোগীৰ মৃত্যুৰ সংখ্যা ২৩৯জন হৈছে ।

আনহাতে, প্ৰায় ৬০০ ৰো অধিক লোক ক’ৰ’না মুক্ত হৈছে। এতিয়ালৈকে ক’ৰ’ণনাত আক্ৰান্ত হোৱা ৬৪২জন ৰোগমুক্ত হৈছে। ইপিনে, সমগ্ৰ বিশ্বত এই পৰ্যন্ত ১৬,৯৯,৬৩১জন লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে ১,০২,৭৩৪জনে। ভাল খবৰ যে সমগ্ৰ বিশ্বত ৩ লাখ ৭৬ হাজাৰ ৩২৭ জন‌ লোক সুস্থ হৈ উঠিছে।

ইপিনে, আমেৰিকা আৰু স্পেইনত ক’ৰ’না ভাইৰাছত মৃতৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে।

উল্লেখ্য যে বৰ্তমানলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত ৫,০২,৮৭৬ জন লোক আক্ৰান্ত হৈছে ক’ৰ’না মহামাৰীত । লগতে মৃত্যু হৈছে ১৮,৭৪৭ জন‌ লোকৰ ।

উল্লেখ্য যে দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্য ১৪ এপ্ৰিললৈ ঘোষণা কৰা হৈছে দেশজোৰা তলাবন্ধৰ । কিন্তু বৰ্তমানে দেশৰ পৰিস্থিতি জটিল হৈ উঠাত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বিগত ২৪ ঘন্টাত দেশত ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক সাবতি লৈছে ৪০ জন লোকে ।

আনহাতে, ক’ৰ’না মহামাৰী সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয়।

এই বৈঠকতে ল’ক ডাউন বৃদ্ধি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ক’ৰ’না ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি ৩০ এপ্ৰিললৈকে ল’ক ডাউন বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৈঠকত উপস্থিতি আছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল। জানিব পৰা মতে, বৈঠকত বহু বিশেষজ্ঞই কোৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি ১৪ তাৰিখৰ পৰিৱৰ্তে ল’ক ডাউনৰ সীমা ৩০ এপ্ৰিললৈকে বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীক।

বৈঠক অন্তৰ পিছতহে গম পোৱা যাব লক ডাউনৰ সময়সীমা বৃদ্ধি হয় নে নহয়।

অন্য খবৰৰ বাবে পঢ়ক: ল’ক ডাউন অবিহনে ভাৰতত আঠ লক্ষাধিক হ’লহেতেঁন ক’ৱিড আক্ৰান্তঃ বৈদেশিক মন্ত্ৰালয়

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি