Begin typing your search above and press return to search.

ষ্ট্ৰীট ভেণ্ডৰৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া গুৱাহাটী পৌৰ নিগমৰ

ষ্ট্ৰীট ভেণ্ডৰৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া গুৱাহাটী পৌৰ নিগমৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Aug 2019 6:40 AM GMT

ষ্ট্ৰীট ভেণ্ডৰৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া গুৱাহাটী পৌৰ নিগমৰ । অসম সংগ্ৰামী মঞ্চই দাবী কৰিছে যে ষ্ট্ৰীট ভেণ্ডৰ আইনখন অনতি পলমে বাস্তৱায়িত কৰিব লাগে ৷অসম সংগ্ৰামী মঞ্চই বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰক সাক্ষাৎ কৰে ৷ আৰু বিভিন্ন দাবীৰে এখন স্মাৰক পত্ৰ জ্ঞাপন কৰে। ২০১৪ চনৰ ৫ মাৰ্চত অসম চৰকাৰে ষ্ট্ৰীট ভেণ্ডৰ অধিনিয়ম আৰম্ভ কৰিছিল।

এই ক্ষেত্ৰত অসম সংগ্ৰামী মঞ্চৰ অভিযোগ যে আইনখন পাঁচ বছৰৰ পিছতো গুৱাহাটী পৌৰ নিগমে বাস্তৱায়িত কৰাত সফল হোৱা নাই। সংগ্ৰামী মঞ্চৰ অনুসৰি মহানগৰীত এতিয়াও ৪০,০০০ ৰতকৈ অধিক ষ্ট্ৰীট ভেণ্ডা আছে ৷গতিকে এই ক্ষেত্ৰত দেবেশ্বৰ মালাকাৰক উচিত ব্যৱস্থা ল’বলৈ আহ্বান কৰিছে মঞ্চই। লগতে বিত্তীয় সহায়তাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা ল’বলৈ আহ্বান কৰে মঞ্চই । এই ক্ষেত্ৰত আয়ুক্তই মন্তব্য কৰে যে গুৱাহাটী পৌৰ নিগমে অনতি পলমে এই ক্ষেত্ৰত উচিত ব্যৱস্থা ল’ব আৰু ভেণ্ডিঙৰ ক্ষেত্ৰত কাম আৰম্ভ কৰিব ৷

২০১৪ চনৰ প্ৰটেকচন অব লাইভলিহুদ এণ্ড ৰেগুলেচন অব ষ্টিট ভেণ্ডিঙ ( Protection of livelihood & regulation of street vending) ৰ অধিনত পদ পথৰ বিক্ৰেতা সকলৰ বাবে এক নিদিষ্ট স্থানৰ ব্যবস্থা কৰিব লাগে। যত এই বিক্ৰেতা সকলে নিজৰ নাম ৰেজিষ্ট্ৰেচন আৰু চিনাক্তকৰণ কৰি দোকান প্ৰতিস্থা কৰিব পাৰে । ভেণ্ডৰ জ’নৰ জৰীপ ২০১৫ চনৰ এপ্ৰিল মাহতে সমাপ্ত হৈছে কিন্তু আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষয়ে ব্যবস্থা গ্ৰহণ কৰা নাই । জৰীপৰ মতে , ৭,১৮৩ পথৰ বিক্ৰেতা থকাৰ লগতে ২,০০০ খাদ্য বিক্ৰেতা, ৪০০ মাছৰ বিক্ৰেতা, ১৯০ মাছৰ বিক্ৰেতা, ৮০ মাংস বিক্ৰেতা আৰু ৭০০ ৰো অধিক কাপুৰৰ ব্যবসায়ি আছে । বৰ্তমানেও গননা কৰি থকা হৈছে।

পৌৰনিগমৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে , জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে পদ পথৰ বিক্ৰেতা সকলৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । বহু সময়ত পদ পথৰ বিক্ৰেতা সকলক উচ্ছেদ কৰা হয়। যিসকল পদ পথৰ বিক্ৰেতাৰ কাৰনে পথচাৰী সকল মাজত অসুবিধাৰ সৃষ্টি হয় । কিন্তু এই সকল বিক্ৰেতাক উচ্ছেদ কৰা হয় যদিও তেওঁৰ দোকানৰ বাবে বিকল্প স্থানৰ ব্যবস্থা কৰা নহয় । সেই বাবে তেওঁলোকে বিভিন্ন সময়ত বিকল্প স্থানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

যিসকল বিক্ৰেতাক নিজৰ স্থান সমূহ খালী কৰি দিবলৈ কোৱা হৈছিল , সেই সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল ।এই সমগ্ৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়তো উত্থাপন হৈছিল । শীঘ্ৰেই ভেণ্ডৰ জ’ন নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে পৌৰ নিগমক। ২০১৮ চনৰ জানুৱাৰী মাহত বিভাগীয় কতৃপক্ষয়ে ৬ খন ভেণ্ডৰ জ’নৰ স্থানৰ কথা প্ৰকাশ কৰিছিল । কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই ভেণ্ডৰ জ’নৰ স্থান। যাৰ ফলত বাৰিষা কালত অতি কষ্টেৰে পদ পথৰ বিক্ৰেতা সকলে জীৱনৰ লগত সংগ্ৰাম কৰিব লগা হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যৰ বিজেপিলৈ ১৫ লাখ নতুন সদস্যৰ আগমনঃৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাস

ভিডিঅ প্ৰতক্ষ্য কৰক:Shortage of teacher in Sonari school | The Sentinel News | Assam News

Next Story
চাকৰি