Begin typing your search above and press return to search.

গুৱাহাটী পৌৰ নিগমৰ গান্ধী জয়ন্তী উদযাপন

গুৱাহাটী পৌৰ নিগমৰ গান্ধী জয়ন্তী উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 4:11 AM GMT

মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে গুৱাহাটী পৌৰ নিগমে বুধবাৰ অৰ্থাৎ আজি মহানগৰীৰ বিভিন্ন স্থানত আয়োজন কৰিছে বিভিন্ন অনুষ্ঠান। গুৱাহাটী পৌৰ নিগমৰ ৩১ টা ৱাৰ্ড আৰু ৪৬ স্থানত সজাগতাৰ অনুষ্ঠান আয়োজন কৰা হ’ব ৷এই অনুষ্ঠানত বহু এনজিঅ’ আৰু চৰকাৰী সংগঠনে ভাগ ল’ব ।

দিল্লীস্থিত এনজিঅ’ ইউনাইটেড ৱে অফ ইণ্ডিয়াৰ লগত নগৰ পালিকাই "ইণ্ডিয়া প্লগ ৰান" আয়োজন কৰিব। ইফালে আজি ৰাজ্যপাল জগদীশ মুখী বিয়লি চ’লাপাৰাৰ হৰিজন কলনীলৈ যাত্ৰা কৰিব ।গান্ধী জয়ন্তী উপলক্ষে আজি আহমেদাবাদৰ সবৰমতী আশ্ৰমলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাৰ বাবে আয়োজিত হ’বলগীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সবৰমতীত। য’ত দেশক মুকলিকৈ শৌচ কৰাৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰিব মোদীয়ে।

তাৰ পূৰ্বে পুৱাই মোদীয়ে ৰাষ্ট্ৰপিতাৰ সমাধিস্থল ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ইফালে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা গৃহ মন্ত্ৰী অমিত শ্বাহে দিল্লীস্থিত শালিমাৰ বাগত এক সভা সম্বোধন কৰিব। এই কথাৰ পিছতে ৰামলীলা ময়দানৰ পৰা ‘গান্ধী সংকল্প যাত্ৰা’ত অংশগ্ৰহণ কৰিব শ্বাহে। দিল্লীৰ সকলো সাংসদ আৰু জ্যেষ্ঠ বিজেপি নেতাই গান্ধী জয়ন্তী উপলক্ষে হ’বলগীয়া এই সংকল্প যাত্ৰাত বিভিন্ন স্থানত অংশগ্ৰহণ কৰিব।

অন্য খবৰৰ বাবে পঢ়ক:জাতিৰ পিতাৰ স্বচ্ছ আৰু সেউজ দেশ গঢ়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Hollywood Movie 'Avatar' based theme in Guwahati

Next Story
চাকৰি