Begin typing your search above and press return to search.

জাতিৰ পিতাৰ স্বচ্ছ আৰু সেউজ দেশ গঢ়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

জাতিৰ পিতাৰ স্বচ্ছ আৰু সেউজ দেশ গঢ়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 4:06 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মংগলবাৰে মহানগৰীৰ জজ খেলপথাৰৰ ভলীবল কোচিং চেণ্টাৰত অনুষ্ঠিত স্বচ্ছ, সেউজ, সবল গাঁও অভিযানৰ শুভাৰম্ভণি কৰে ৷এই অনুষ্ঠানত সৰ্বানন্দ সোনোৱালে এই অভিযান সফল কৰিবলৈ আহ্বান কৰে। যাতে মহাত্মা গান্ধীৰ স্বচ্ছ আৰু সেউজ ভাৰতৰ সপোন বাস্তৱত পৰিণত হয় ৷

প্ৰধানমন্ত্ৰী মোডীৰ বিষয়ে উল্লেখ কৰি সৰ্বানন্দ সোনোৱালে কয় যে মোডীয়ে শাসনলৈ অহাৰ পিছত প্ৰথম স্বাধীনতা দিৱস ২০১৪ চনত উদযাপন কৰোতে ভাৰতত স্বচ্চ অভিযান আৰম্ভ কৰিছিল। আৰু ২০১৯ চনত ভাৰতক স্বচ্চ কৰাৰ অভিযান এক আন্দোলনত পৰিণত হ’ল। এক সংবাদ বিজ্ঞপ্তি অনুসৰি প্ৰধানমন্ত্ৰী মোডীৰ খেলোগে তো খিলোগে প্ৰসংগও উল্লেখ কৰে ৷

লগতে মুখ্যমন্ত্ৰী সোনোৱালে খেলুৱৈ সকলক একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ কোৱাৰ লগতে দেশৰ কাৰণে গৌৰৱ কঢ়িযাই আনিবলৈ আহ্বান কৰে ৷ড° ভূপেন হাজৰিকাৰ গীতত থকাৰ দৰে সমগ্ৰ বিশ্ব এখন খেল পথাৰ ৷যুৱ প্ৰজন্মই সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি ক্ৰীড়াক জীৱনৰ অংশ হিছাপে ল’ব লাগে। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

অন্য খবৰৰ বাবে পঢ়ক: নতুন যান বাহন আইনে দুৰ্ঘটনাৰ সংখ্যা সীমিত কৰিবনে?

ভিডিঅ প্ৰতক্ষ্য কৰক:Peace Rally to prevent frequent Road Accident in Tinsukia

Next Story
চাকৰি