Begin typing your search above and press return to search.

ঘোঁৰাত উঠি মা দুৰ্গাৰ আগমণঃ সৰ্বত্ৰে দুৰ্গা পূজাৰ উলাহ

ঘোঁৰাত উঠি মা দুৰ্গাৰ আগমণঃ সৰ্বত্ৰে দুৰ্গা পূজাৰ উলাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2019 4:29 AM GMT

মহানগৰীৰ সৰ্বত্ৰে সম্প্ৰতি দুৰ্গা পূজাৰ উলাহ ৷প্ৰান্তে প্ৰান্তে শাৰদীয় দুৰ্গোৎসৱৰ মহা আয়োজন কৰিছে ৷শুক্ৰবাৰ অৰ্থাৎ আজি মা দুৰ্গাক ধূপ নৈবেদ্যৰে আৰাধনা কৰিব ৰাজ্য বাসীয়ে ৷ষষ্ঠীৰ পুৱা ৯ বাজি ১৪ মিনিট ১৭ ছেকেণ্ডত ষষ্ঠাদি কল্পাৰম্ভ ৷৮ বাজি ৪৬ মিনিট ৫৫ ছেকেণ্ডত কাত্যায়নী ৰূপত চলিব মা দূৰ্গাৰ পুজা ৷বিয়লি হ’ব আমন্ত্ৰণ আৰু অধিবাস।

ইফালে এইবাৰ ঘোৰাত আগমণ হ’ব মা দুৰ্গাৰ ৷ঘোৰাত আগমণৰ অৰ্থ হৈছে মাৰি মৰক,যুদ্ধ বিগ্ৰহ,মহামাৰী,অসূয়া অশান্তিকে ধৰি আন বহুতো। আনহাতে সম্প্ৰতি কৰ্মব্যস্ততাৰ মাজতে মহানগৰীৰ লোকসকলৰ মাজত দেখা গৈছে নিজৰ মন পছন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ প্ৰস্ততি ৷ বিভিন্ন লোকে নিজৰ প্ৰয়োজন অনুসৰি বজাৰত বস্তু ক্ৰয় কৰাৰ লগতে আন কিছুমানে শ্বপিং মল সমূহত বজাৰ কৰিছে।

উল্লেখ্য যে পূজাৰ কাৰণে মহানগৰীৰ প্ৰশাসনৰ মাজতো দেখা গৈছে ব্যস্ততা ৷দুৰ্গাপূজাৰ সময়ত শিশু,ছাত্ৰ ছাত্ৰী,মহিলা আৰু জেষ্ঠ্য নাগৰিকসকলৰ সুৰক্ষিত কৰাৰ কাৰণে যান বাহন চলাচলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব। যিকোনো ধৰণৰ বাহন মহানগৰীত পূজাৰ সময়ত ১ বজাৰ পৰা ৪ বজালৈ জালুকবাৰী,গড়চুক, বেলতলা,হাতিগাঁও আৰু চান্দমাৰীত প্ৰবেশ কৰিব নোৱাৰিব ।

গনেশ মন্দিৰৰ ফালৰ পৰা ড° আৰ পি ৰডেদি এটা পথেই থাকিব ৷ লগতে জু ৰোডৰ পৰা গনেশ মন্দিৰলৈকে এই পথছোৱাত ন’ এন্ট্ৰি থাকিব ৷ বাহনসমূহ চাৰ্ভিজ ৰোড,জি এচ ৰোড আৰু চুপাৰ মাৰ্কেট হৈ অহা যোৱা কৰিব ৷পল্টন বজাৰৰ নেপালী মন্দিৰৰ পৰা চেৰাভাটিলৈ ন’ এন্ট্ৰি পান বজাৰৰ এম এছ ৰোডত ন’ এন্ট্ৰী৷খুবছান্দ পইন্টৰ পৰা ন’ এন্ট্ৰী থাকিব।

জালুকবাৰী আৰক্ষী থানাৰ সন্মুখৰ পথত ন’ এন্ট্ৰী ।ভৰলুমুখৰ কুমাৰ পাৰা পাঁচ আলিলৈ অহা পাঁচোটা পথতেই ন’ এন্ট্ৰী ৷ভৰলু মুখৰ পৰা এটি ৰোড আৰু শান্তি পুৰলৈ অহা পথত ন’ পাৰ্কিং। বশিষ্ঠ চাৰি আলিৰ পৰা এজি অফিচৰ বাইলেনলৈকে বাহন আহিব পাৰিব। ভেটাপাৰা চাৰি আলিৰ পৰা বেলতলা চাৰিআলিলঋ যাব নোৱাৰিব ৷

জয়া নগৰৰ পৰা কে ভি লৈকে গাড়ী পাৰ্কিং কৰিব পাৰিব ।অনুৰাধাৰ পৰা হাতীগড় চাৰিআলিলৈ ওৱান ৱে ৷ আনহাতে পূজাৰ কেইদিন নামনি অসমৰ পৰা অহা বাছসমূহ মাছখোৱাৰ পৰিৱৰ্তে আইএচবিটিলৈ যাব । পূজাত বাহনসমূহৰ পাৰ্কিং ব্যৱস্থাক লৈ এচিপিৰ মন্তব্য যে আমি পূজা কমিটীসমূহক যান বাহনৰ ক্ষেত্ৰত কৰা নিয়ম সমূহ পালন কৰিবলৈ অনুৰোধ কৰিছো । পূজা পেণ্ডেলৰ ৫০০ মিটাৰৰ ভিতৰত কোনো বাহন ৰখোৱাৰ নিষেধাজ্ঞ আৰোপ কৰা হৈছে ৷ ইফালে পূজাৰ সময়ত সুৰা পান কৰাসকলৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা ল’ব মহানগৰী আৰক্ষীযে।

অন্য খবৰৰ বাবে পঢ়ক: দুৰ্গা পূজা ৰ কাৰণে বিদ্যুত বিভাগৰ দিশ নিৰ্দেশ

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandrayan-II based theme at Guwahati’s Noonmati Sector 2

Next Story
চাকৰি