এন‌ আৰ এল ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

এন‌ আৰ এল ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

এন‌ আৰ এল ব্যক্তিগতকৰণৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । সোমবাৰে গোলাঘাট জিলা শাখাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰই নুমলিগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী গঢ়ি তোলে । সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে আৰু বি পি চি এল‌ ব্যক্তিগতকৰণৰ সিদ্ধান্তক উঠাই লবলৈ চৰকাৰৰ ওচৰত দাৱী জনায় ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় যে অসমৰ কোনো ধৰণৰ অইল কোম্পানী ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া সিদ্ধান্তক‌ সংগঠনটোৱে মানি নলয় । লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনাধিষ্ট চৰকাৰ খনে বি পি চি এল ব্যক্তিগত কৰণ কৰাৰ সিদ্ধান্তক তেওঁলোকে তীব্ৰ বিৰোধিতা কৰে। তাৰোপৰি তেওঁ কয় যে চি পি এছ ই য়ে মহত্বপূৰ্ণ ক্ষেত্ৰ সমূহত বৃহৎ আৰ্থিক সেৱা আগবঢ়ায় আছে ।‌ যাৰ উদ্দেশ্য হ'ল উচ্ছ আৰ্থিক বিকাশ , বস্তু আৰু সেৱাৰ উৎপাদনত আত্মনিৰ্ভৰতা , বুনিয়াদী ক্ষেত্ৰৰ বিকাশ তথা উচিত বজাৰ ব্যৱস্থা।

তাৰোপৰি চি পি এছ ই য়ে কৰ্পাৰেট চোছিয়েল‌ ৰেচপনচিবিলিটি ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়।‌ বিশেষকৈ স্বাস্হ্য , শিক্ষা আৰু দক্ষতা বিকাশ আদি ক্ষেত্ৰ সমূহত।

নুমলিগড় তেল শোধনাগাৰ যিয়ে ভাৰত পেট্ৰলিয়াম কোৰ্পাৰেচন লিমিটেডৰ সৈতে সহযোগ আছে য'ত এন আৰ এলৰ ৬১.৬৫% অংশ আছে । যাৰ ফলত বি পি চি এলে বিনিয়োগ কৰিব নোৱাৰাৰ ফলত এন‌ আৰ এল ব্যক্তিগত খণ্ডৰ হাতত যোৱাৰ পক্ষত ।‌ নুমলিগড় তেল শোধনাগাৰ ১৯৮৫ চনত অসম চুক্তিৰ আধাৰত‌ নিৰ্মাণ কৰা হৈছিল। তাৰোপৰি ছয় বছৰ ধৰি চলা এই আন্দোলনত ৮৫৫ জন‌‌ লোক ছহিদ হৈছিল । লগতে নুমলিগড় তেল‌ শোধানাগাৰৰ ক্ষেত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ আৱেগ জড়িত হৈ আছে বুলি কয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধৰন সম্পাদক গৰাকীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com