৪ কেজি কম সোন পৰিধান কৰি মুঠ ১৬ কেজি সোনৰে "কানৱাৰ যাত্ৰা"ত অংশগ্ৰহণ গ'ল্ডেন বাবাৰ

৪ কেজি কম সোন পৰিধান কৰি  মুঠ  ১৬ কেজি সোনৰে  "কানৱাৰ যাত্ৰা"ত অংশগ্ৰহণ গ'ল্ডেন বাবাৰ

বাবা সকলৰ ভিতৰত এটা চিনাকী নাম হৈছে গ'ল্ডেন বাবা । কানৱাৰ যাত্ৰাত গ'ল্ডেন বাবাৰ এক সুকীয়া পৰিচয় আছে । সুধিৰ মাক্কাৰক "গ'ল্ডেন বাবা" বুলি জনাজাত । প্ৰত্যেক বছৰে কানৱাৰ যাত্ৰাত গ'ল্ডেন বাবায়ে পিন্ধা সোনৰ পৰিমাণৰ কাৰনে জনাজাত সুধিৰ মাক্কাৰ। কিন্তু উল্লেখযোগ্য কথাটো হল যে, এইবাৰ গ'ল্ডেন বাবায়ে পৰিধান কৰা সোনৰ পৰিমাণ কমাইছে ।৪ কেজি কম সোনৰ পৰিধান কৰি মুঠ ১৬ কেজি সোনৰে "কানৱাৰ যাত্ৰা"ত অংশগ্ৰহণ গ'ল্ডেন বাবাৰ|

মীৰোটৰ কানৱাৰ যাত্ৰাত এইবাৰ গ'ল্ডেন বাবায়ে পূৰ্বৰ বৰ্ষতকে ৪ কেজি সোনৰ গহনা কমকৈ পৰিধান কৰিছে । স্বাস্থ্য সমস্যাৰ বাবে গ'ল্ডেন বাবায়ে ৪ কেজি কমকৈ সোন পৰিধান কৰে।

২৬ সংখ্যাক কানৱাৰ যাত্ৰা দিল্লীৰ পৰা আৰম্ভ হব । ২১ জুলাইৰ পৰা আৰম্ভ হব এই যাত্ৰা ।২৫ বছৰে আমি কানৱাৰ যাত্ৰাত অংশগ্ৰহন কৰি আহিছো । এইবাৰ ২৬ সংখ্যা কানৱাৰ যাত্ৰা। যোৱা বছৰ আমি ২৫ সংখ্যাক কানৱাৰ যাত্ৰাৰ বাবে ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছিল " বুলি প্ৰকাশ কৰে মাক্কাৰে ।

লগতে তেওঁ কয় যে, " মোৰ গহনাৰ বাবে কেতিয়াও কাৰো পৰা অনুদান অথবা লোন বিচৰা নাই । নিজৰ ধনৰে এই গহনা সমূহ কিনিছো বুলি প্ৰকাশ কৰে।

পূৰ্বতকৈ এইবাৰ ৪ কেজি সোন কমকৈ পৰিধান কৰিছে। স্বাস্থ্যৰ সমস্যাৰ বাবে ১৬ কেজিৰ পৰা ৪ কেজি কমাই পৰিধান কৰিছে । গ'ল্ডেন বাবা য়ে সোনৰ চেইন, লকেট, ব্ৰেচলেট আৰু আঙুঠি পৰিধান কৰিছে ।

প্ৰথমে অসুস্থতাৰ বাবে এইবাৰ সুধিৰ মাক্কাৰে কানৱাৰ যাত্ৰাত অংশগ্ৰহন নকৰে বুলি প্ৰকাশ কৰে যদিও পিছত তেওঁৰ সিদ্ধান্ত সলনি কৰাৰ কথা প্ৰকাশ কৰে । গ'ল্ডেন বাবায়ে প্ৰায় ২৫০-৩০০ লোকৰ নেতৃত্ব বহন কৰে যাত্ৰাৰ সময়ত । এই লোকসকলৰ খাদ্য , পানী আৰু এম্বুলেঞ্চ আদিৰ সুবিধাও প্ৰদান কৰে ।

কানৱাৰ যাত্ৰা বিশেষকৈ শিৱ ভক্ত সকলে অংশগ্ৰহন কৰে । উত্তৰাখণ্ডৰ গাংগোত্ৰী, হৰিদ্বাৰ, গাওমুখ আৰু বিহাৰৰ চুলতানগঞ্জলৈ ভক্ত সকলে খোজকাঢ়ি গৈ সেৱা আগবঢ়াই। হিন্দু ধৰ্মৰ লোক সকলৰ মাজত অসমীয়াত শাওণৰ মাহটোত শিৱক পূজা কৰাৰ পৰিলক্ষিত হয় । এই পবিত্ৰ মাহটোত প্ৰবিত্ৰ গংগাত পূজা কৰে। এই বছৰো যথেষ্ট ভক্তয়ে কানৱাৰ যাত্ৰাত অংশগ্ৰহন কৰা পৰিলক্ষিত হয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com