Begin typing your search above and press return to search.

কমেডিৰ লগত শক্তিশালী কাহিনীৰ নিৰ্মিত কৰণ জোহৰৰ ছবি গুড নিউজ

কমেডিৰ লগত শক্তিশালী কাহিনীৰ নিৰ্মিত কৰণ জোহৰৰ ছবি গুড নিউজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 July 2019 10:47 AM GMT

কৰণ জোহৰৰ মুক্তিৰ অপেক্ষাত থকা ছবি গুড নিউজত অক্ষয় কুমাৰ,কৰীনা কাপুৰ,দিলজিত দোসাঞ্জ আৰু কিয়াৰা আডৱানীয়ে অভিনয় কৰিছে। ৰাজ মেহতাৰ নিৰ্দেশনত নিৰ্মাণ হোৱা ছবি গুড নিউজ সাৰোগেছীৰ ওপৰত নিৰ্মিত ৷ এক বিশেষ তথ্য অনুযায়ী ছবিখনত কিয়াৰা আৰু দিলজিৎ হৈছে দম্পতী ৷যিয়ে কেতিয়াও অভিভাৱক হ’ব নোৱাৰে ৷অৰ্থাৎ কিয়াৰা আডৱানি কেতিয়াও মা হ’ব নোৱাৰে ৷

এই ছবিখনত এটা দুখলগা কাহিনী আছে । য’ত কেতিয়াও পিতৃ মাতৃ হ’ব নোৱাৰা কিয়াৰা আডৱানি আৰু দিলজিত দোসাঞ্জক কোনো বন্ধুৱে সাৰোগেছীৰ সহায় ল’বলৈ কয়। ছবিখনত কৰীনা আৰু অক্ষয় কুমাৰে জেষ্ঠ্য কপ’লৰ ভূমিকাত অভিনয় কৰিছে। ছবিখনত টিস্কা চোপ্ৰা,অঞ্জনা সুখানী আৰু বহু ন পুৰণি শিল্পীয়ে অভিনয় কৰিছে ৷

এই ছবিখনৰ কাৰণে প্ৰথমতে কৰীনা কাপুৰ খান , অক্ষয় কুমাৰ আৰু কিয়াৰা আডৱানীক প্ৰথমতেই নিৰ্বাচন কৰিছিল ৷কিন্তু দিলজিতৰ চৰিত্ৰটোৰ কাৰণে প্ৰথমতে বাদশ্বাহক কৈছিল যদিও কামৰ কাৰণে বাদশ্বাহ ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত কৰে। আৰু শেষত এই ছবিখনৰ কাৰণে দিলজিত দোসাঞ্জক কাষ্ট কৰে। উল্লেখ্য যে এই ছবিখন মুক্তি লাভ কৰিব ২৭ ডিচেম্বৰত ৷

দিলজিত দোসাঞ্জে শেহতীয়াকৈ কণ্ঠদান কৰা Kylie and kareena শীৰ্ষক গীতটিৰ ভিডিঅ’টি কাৰণে কৰীনাই ভূয়সী প্ৰশংসা কৰিলে দিলজিতক ৷বলীউডৰ সুন্দৰী কৰীনাই কয় যে দিলজিতে বহুত সীমিত পৰিমাণে কথা কয়। যাৰ কাৰণে অভিনেতা তথা গায়ক জনক পছন্দ কৰে কৰীনা কাপুৰ খানে। অন্যহাতে পৰৱৰ্তী ছবিসমূহত আৰু অধিক কথা পতাৰ দিলজিত দোসাঞ্জক প্ৰতিশ্ৰুতি দিয়ে কৰীনা কাপুৰ খানে ৷ লগতে, দিলজিত দোসাঞ্জে কৰীনা কাপুৰ খানৰ মন্তব্য,আগবঢ়াইছে অনুৰাগীলৈ ৷

অন্য খবৰৰ বাবে পঢ়ক: সংগীত পৰিচালক বাপ্পী লাহিড়ীৰ প্ৰতি দ্বাৰা প্ৰেৰিত হৈ ১.৫ কোটি টকাৰ সোণ পৰিধান এজন ব্যক্তিৰ

Next Story
চাকৰি