Begin typing your search above and press return to search.

পিতৃ কন্যাৰ মাজৰ সম্পৰ্কত কালিমা: পিতৃয়ে ধৰ্ষণ কৰিলে কন্যাক

পিতৃ কন্যাৰ মাজৰ সম্পৰ্কত কালিমা: পিতৃয়ে ধৰ্ষণ কৰিলে কন্যাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2019 10:58 AM GMT

উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে এক নিল্লৰ্জ কাণ্ড ৷ পিতৃয়ে কন্যাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷পিতৃ কন্যাৰ সম্পৰ্কক কলংকিত কৰি সংঘটিত হোৱা এই ঘটনাক সমাজৰ সকলোৱে ধিক্কাৰ দিছে৷ অভিযুক্ত পিতৰ নাম জয় প্ৰকাশ গুপ্তা ৷ ঘটনানুসৰি ২৬ জুলাইৰ দিনা নিশা কন্যাৰ ডিঙি চেপি ধৰি হত্যা কৰে অভিযুক্ত পিতৃয়ে ।

এজন আৰক্ষীয়ে দিয়া তথ্য অনুসৰি অভিযুক্তৰ পত্নীৰ মৃত্যু হৈছিল ১৫ বছৰ পূৰ্বে ৷ সম্প্ৰতি যুৱতী গৰাকীৰ বয়স হৈছে ১৯ বছৰ ৷ আৰক্ষীৰ এজন বিষয়াৰ মন্তব্য অনুসৰি জয় প্ৰকাশ গুপ্তা নামৰ অভিযুক্ত পিতৃয়ে বিগত দুবছৰে কন্যাক ধৰ্ষণ কৰি আহিছে ৷ ইফালে ৰাশী বন্ধনৰ দিনা যেতিয়া মৃত যুৱতীগৰাকী ভগ্নীয়ে বায়েকক বিচাৰি নাপাই অভিযুক্ত পিতৃক সোধাত পিতৃয়ে মন্তব্য প্ৰকাশ কৰে যে তেওঁৰ কন্যাক মাৰি পেলালে। আৰু এই সংন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

আৰু আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্তৰ অব্যাহত ৰাখিছে । অতি দুৰ্ভাগ্যজনক কথা এয়ে যে এনেধৰণৰ ঘটনা এইয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বতে দেশৰ ৰাজধানী দিল্লীত এনেধৰণে এজন যুৱকে চাৰি বছৰীয়া কণমানিক যৌন উৎপীড়ণ কৰা কথা পোহৰলৈ আহে। পিছত আৰক্ষীৰ তৎপৰতাত এই ঘটনা পোহৰলৈ আহে। আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।

আনহাতে গুৰুগ্ৰামত এগৰাকী আৰক্ষীয়ে দিয়া তথ্য অনুসৰি এগৰাকী কণমানিক মাতৃৰ মৃত্যুৰ পিছত প্ৰায় দুমাহ ধৰি যৌন উৎপীড়ণ কৰে যুৱতী গৰাকীৰ পত্নীয়ে । লগতে কনমানি গৰাকীয়ে প্ৰকাশ কৰে যে তেওঁৰ পিতৃয়ে প্ৰত্যেক নিশা সুৰা সেৱন কৰি আহি নিজ যৌন উৎপীড়ণ চলায়। গতিকে এনেধৰণৰ ঘটনাৰ বিৰুদ্ধে প্ৰশাসন সস্ত্ৰম হ’ব লাগে ৷

অন্য খবৰৰ বাবে পঢ়ক: কিলিমাঞ্জাৰো শৃংগ অতিক্ৰম কৰিলে এটি ন বছৰীয়া কণমাণিয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam State Disaster Management mock drills at TC school, Guwahati

Next Story
চাকৰি