Begin typing your search above and press return to search.

কিলিমাঞ্জাৰো শৃংগ অতিক্ৰম কৰিলে এটি ন বছৰীয়া কণমাণিয়ে

কিলিমাঞ্জাৰো শৃংগ অতিক্ৰম কৰিলে এটি ন বছৰীয়া কণমাণিয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2019 11:25 AM GMT

কিলিমাঞ্জাৰো শৃংগ সাত দিনত অতিক্ৰম কৰিলে এটি ন বছৰীয়া কণমাণিয়ে ৷ পৰ্বত আৰোহন কৰিবলৈ যদি আপুনি ভাবিছে এক বিশেষ বয়সৰ প্ৰয়োজন ৷ তেতিয়া হ’লে আপোনাৰ এই চিন্তাক ভুল প্ৰতিপন্ন কৰিব এটি কনমাণিয়ে ৷কাৰণ ৯ বছৰীয়া এটি কণমাণিয়ে অতিক্ৰম কৰিলে কিলিমঞ্জাৰো শৃংগ ৷ইফালে এই শৃংগ অতিক্ৰম কৰা কণমাণিটিৰ নাম অদভেত ভাৰ্তীয়া ৷

এই কনমাণিটিয়ে প্ৰতিপন্ন কৰিছে যে সাফল্য যিকোনো সময়তে আহিব পাৰে । মাত্ৰ তাক সফল ৰূপত ৰূপায়ন কৰিবলৈ লাগিব অদম্য সাহস আৰু একাগ্ৰতা ৷ ভাৰ্তীয়ই সম্প্ৰতি আফ্ৰিকাৰ তঞ্জানিয়াৰ মাউন্ট কিলিমঞ্জাৰোক অতিক্ৰম কৰিছে। কিলিমঞ্জাৰো শৃংগ সমুদ্ৰ পৃষ্ঠৰ পৰা ৫৮৯৫ মিটাৰ দূৰত্বত অৱস্থিত। আৰু এইটো আফ্ৰিকাৰ সকলোতকৈ ওখ শৃংগ। কিন্তু অদভেতৰ কাৰণে এই সাফল্য সহজ নাছিল ৷বহু প্ৰত্যাহ্বান বানৰ সন্মুখীন হৈছে কণমাণি অদভেত ৷ কিন্তু হাৰ মনা নাছিল অদভেতে ৷

পৰ্বতাৰোহন কৰিবলৈ প্ৰায় দুমাহ প্ৰশিক্ষণ লৈছিল অদভেতে ৷ইয়াৰ পিছত ২০১৯ চনৰ ৩১ জুলাইত নিজৰ সপোন সাৰ্থক হ’ল অদভেতৰ । পৰ্বতাৰোহন কৰাৰ প্ৰাকমুহুৰ্তত কৰা প্ৰশিক্ষণত এক কঠোৰ দিনপঞ্জী তৈয়াৰ হৈছিল অদভেতৰ ৷ ফুটবল খেলা,সাঁতুৰ,ক্ৰিকেট খেলা,টেনিছ খেলা আদি অদভেতৰ দীনপঞ্জীত অন্তৰ্ভূক্ত আছিল।

উল্লেখ্য যে অদভেতে সংবাদ মাধ্যমৰ সন্মুখত কয় যে এই যাত্ৰাটো কঠিন আছিল যদিও মই বহুত আনন্দ কৰিছিলো ।যেতিয়া এভাৰেষ্ট কেম্পত প্ৰশিক্ষণ লৈছিলো মই আছিলো কাঠৰ ঘৰত ৷ লগতে টেন্ট,বৰফ আদিত থকা অনুভৱ সচাঁকৈয়ে যথেষ্ট আমোদ জনক ৷ অদভেতৰ এই সাফল্য সম্প্ৰতি বহু জনৰ কাৰণে হৈছে প্ৰেৰণাৰ উৎস ।

অধিক খবৰৰ বাবে পঢ়ক: ওইং কামাণ্ডাৰ অভিনন্দন বৰ্থামানক “বীৰ চক্ৰ ” সন্মানৰে সন্মানীত কৰা হয়

ভিডিঅ প্ৰতক্ষ্য কৰক:Highway blockade at Kanubari

Next Story
চাকৰি