Begin typing your search above and press return to search.

ওইং কামাণ্ডাৰ অভিনন্দন বৰ্থামানক "বীৰ চক্ৰ " সন্মানৰে সন্মানীত কৰা হয়

ওইং কামাণ্ডাৰ অভিনন্দন বৰ্থামানক বীৰ চক্ৰ  সন্মানৰে সন্মানীত কৰা হয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2019 7:59 AM GMT

দেশৰ তৃতীয় শ্ৰেষ্ঠ সামৰিক সন্মান "বীৰ চক্ৰ" প্ৰদান কৰা হয় ওইং কামাণ্ডাৰ অভিনন্দন বৰ্থামানক । দেশৰ স্বাধীনতা দিৱসৰ দিনাই এই সন্মান প্ৰদান কৰা হয় । ওইং কামাণ্ডাৰ অভিনন্দন বৰ্থামানৰ লগতে আন ৫ জনকো বায়ু সেনা মেডেল প্ৰদান কৰা হয় । অভিনন্দন বাৰ্থামানে পাকিস্তানৰ যুঁজাৰু বিমান F-16 ভূপতি কৰিবলৈ গৈ ভাৰতৰ মিগ-21 দুৰ্ঘটনাত পতিত হৈছিল । বিমান খনৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান পাকিস্তানৰ ভূমিত পেৰাচ্যুতেৰে অবতৰণ কৰা পিছত ২ দিন ধৰি পাকিস্তানৰ জিম্মাত আছিল । অভিনন্দন বাৰ্থামানে পাকিস্তানৰ ভূমিত থকা বুলি জ্ঞাত হোৱাৰ পাছত তেওঁৰ লগত থকা সকলো প্ৰয়োজনীয় নথি পত্ৰ নষ্ট কৰি দিছিল ।৬০ ঘন্টাৰ পাছত ভাৰতৰ ভূমিত ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান।

এই বীৰ জোৱান জন স্বদেশলৈ ওভতি অহাৰ সময়ত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈ পৰিছিল আৰু সমগ্ৰ দেশবাসীয়ে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক উষ্ম আদৰণি জনায় । স্বদেশলৈ ওভতি আহি সুখী অনুভৱ কৰিছে বুলি প্ৰকাশ কৰিছিল ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানে ।

১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশৰ তৃতীয় শ্ৰেষ্ঠ সামৰিক সন্মান প্ৰদানৰ প্ৰথা আৰম্ভ কৰিছিল ৰাষ্ট্ৰপতিয়ে। লগতে দুজনক কৃতি চক্ৰ , এজনক বীৰ চক্ৰ, ১৪ জনক শৌৰ্য চক্ৰ, সেনা মেডেল ৮ জনক, ৯০ জনক সেনা মেডেল, ৫ জনক নৌ সেনা মেডেল, ৭ জনক বায়ু সেনা মেডেল আৰু ৫ জনক যুৱ সেনা মেডেল আদি প্ৰদান কৰা হয় । পেৰামিলিটৰি সেনা আৰু আৰ্মী ফ'ৰ্চৰ ১৩২ সদস্যক এই সন্মান প্ৰদান কৰা হৈছে । কৃতি চক্ৰ প্ৰদান কৰা হয় চাপেৰ প্ৰকাশ যাদক আৰু শ্ৰী হৰ্ষপল সিঙক ।

অধিক খবৰৰ বাবে পঢ়ক: উৎকন্ঠাৰ অৱসান ঘটাই স্বদেশৰ ভূমিত বীৰ সন্তান:’ ভাৰত মাতা কি জয়’ ধ্বনিয়ে স্বাগতম ওইং কামাণ্ডাৰক

ভিডিঅ প্ৰতক্ষ্য কৰক: 73rd Independence Day celebration from various parts of Assam

Next Story
চাকৰি