Begin typing your search above and press return to search.

এনআৰচি:চৰকাৰে পুনৰ নিৰীক্ষণৰ পদক্ষেপ ল’ব পাৰেঃউপমন্যু হাজৰিকা

এনআৰচি:চৰকাৰে পুনৰ নিৰীক্ষণৰ পদক্ষেপ ল’ব পাৰেঃউপমন্যু হাজৰিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2019 5:09 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰব্ৰজন বিৰোধী মঞ্চই মন্তব্য কৰে যে এনআৰচিত বক্ৰ পথেৰে নাম অন্তৰ্ভূক্ত কৰা লোকৰ ক্ষেত্ৰত পুনৰ নিৰীক্ষণৰ কাৰণে উচ্চতম ন্যায়ালয়ক কৰা সম্পৰ্কৰ কোনো কাৰণ নাই । প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই কয় যে অন্তিম এনআৰচিৰ পুনৰ নিৰীক্ষণৰ কাৰণে চৰকাৰৰ ওচৰত এক বিশেষ শক্তি আছে ৷

গতিকে ইয়াৰ কাৰণে উচ্চতম ন্যায়ালয়ক যোগাযোগ কৰা কি কাৰণ থাকিব পাৰে। মংগলবাৰে এক সংবাদমেল আয়োজন কৰি উপমন্যু হাজৰিকাই কয় যে অৱশ্য সকলো মন্ত্ৰী,বিজেপি নেতা,অসম গণ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই উচ্চতম ন্যায়ালয়ৰ লগত সম্পৰ্ক কৰিবলৈ বিছাৰিছে যদিও পুনৰ নিৰীক্ষণৰ কাৰণে চৰকাৰৰ ওচৰত সকলো আইনী শক্তি আছে ৷

এই সন্দৰ্ভত পুংখানুপুংখ ভাৱে মন্তব্য কৰে প্ৰব্ৰজন বিৰোধী মঞ্চই নেতা তথা অধিবক্তা উপমন্যু হাজৰিকাই ।ইফালে প্ৰব্ৰজন বিৰোধী মঞ্চই প্ৰথমতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এখন স্মাৰক পত্ৰ জ্ঞাপন কৰিছে ৷গতিকে এই ক্ষেত্ৰত উপমন্যু হাজৰিকাই কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত চৰকাৰে পুনৰ নিৰীক্ষণৰ কাম আৰম্ভ কৰক ।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:সম্প্ৰতি আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক গ্ৰহণ কৰা নাইঃৰঞ্জিত কুমাৰ দাস

ভিডিঅ প্ৰতক্ষ্য কৰক:AHSEC to carry out drive against Private Junior colleges in State | The Sentinel News | Assam News

Next Story
চাকৰি