Begin typing your search above and press return to search.

চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক উপেক্ষা কৰিছে: অসমৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুণ বৰা

চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক উপেক্ষা কৰিছে: অসমৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুণ বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 6:47 AM GMT

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ৰিপুন বৰাই বৃহস্পতিবাৰে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সকলো জানি বুজিও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰকাশত পলম কৰি আছে । ৰিপুণ বৰাই কয় যে উচ্চতম ন্যায়ালয়ে এবছৰৰ পূৰ্বে প্ৰকাশ কৰিছিল যে চূড়ান্ত এনআৰচি ২০১৯ বৰ্ষৰ ৩১ জুলাইত প্ৰকাশ হ’ব লাগে ৷গতিকে বিগত এবছৰে চৰকাৰে কি কৰি আছে বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ৰিপুণ বৰাই ৷

নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত চৰকাৰী বিষয়া কৰ্মচাৰীয়েই জড়িত হৈ আছে বুলি মত ব্যক্ত কৰি বৰাই কয় যে চৰকাৰৰ প্ৰকৃততে নিজৰ বিষয়া কৰ্মচাৰীসকলৰ ওপৰতে আস্থা নাই ৷সেয়েহে তেওঁলোকে পুনৰীক্ষণৰ দাবী তুলিছে ৷ কিন্তু আমি এখন স্পষ্ট ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিছাৰিছো ৷

ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত শান্তি সম্প্ৰীতিৰে যাৱতীয় কাৰ্য আগবঢ়াই নিবলৈ দিছপুৰে কঁকালত টঙালী বান্ধিছে। লগতে সম্প্ৰতি ছ’চিয়েল মিডিয়া সম্পূৰ্ণ প্ৰশাসনৰ কেন্দ্ৰ বিন্দু হৈ আছে ৷ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দুদিনীয়া কাৰ্যসূচীৰে উজনি অসম ভ্ৰমণৰ সময়ত উপায়ুক্ত,আৰক্ষী বিষয়া আৰু বিভিন্ন সংগঠনৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ডিজিপি ভাস্কৰজ্যোতি মহন্ত,এডিজিপি মুকেশ আগৰৱাল আৰু অন্য শীৰ্ষ বিষয়াসকলে ভাগ লৈছিল ৷

যোৰহাট জিলাৰ প্ৰশাসনৰ লগত বৈঠক অনুষ্ঠিত কৰাৰ লগতে ১৯ টা ছাত্ৰ সংগঠনৰ লগত বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত এন আৰ চিৰ সন্দৰ্ভত সকলোৰে মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ কাৰণে সকলোৰে সহযোগিতা বিছাৰে। দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত কুমাৰ সঞ্জয় কৃষ্ণই কয় যে আমি জিলা প্ৰশাসনক সতৰ্কতা অৱলম্বণ কৰিবলৈ কৈছো ৷

ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ২০১৮ বৰ্ষৰ ৩০ জুলাইত প্ৰকাশিত সূচীত ২.৯ কোটি লোকৰ নাম সন্নিবিষ্ট কৰা হৈছিল ৷আবেদন কৰিছিল ৩.২৯ কোটি লোকে । এন আৰ চিৰ সূচিৰ পৰা বাদ পৰিল ৪৪ লাখ লোকৰ নাম। অসমত এন আৰ চিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ আছে। ৩১ জুলাইত এন আৰ চি ৰ অন্তিম সূচী প্ৰকাশ পাব ৷

ইফালে অসমৰ বানৰ সমস্যাটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যৰ বান সমস্যাটোক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উপেক্ষা কৰিছে। এইটো এটা বাৰমহীয়া সমস্যা ৷আমি অসমৰ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ আহ্বান কৰিছো ৷কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। ৰিপুণ বৰাই লগতে কয় যে চৰকাৰে অৰুণাচল প্ৰদেশত ২৮৮০ মেগাৱট আঁচনিৰ মুকলি কৰাৰ ক্ষেত্ৰত সমীক্ষা কৰিব লাগে ৷

অন্য খবৰৰ বাবে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ দেশৰ পৰা বহিস্কাৰ কৰা হ’ব অবৈধ লোক

Next Story
চাকৰি