Begin typing your search above and press return to search.

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ দেশৰ পৰা বহিস্কাৰ কৰা হ’ব অবৈধ লোক

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ দেশৰ পৰা বহিস্কাৰ কৰা হ’ব অবৈধ লোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 12:58 PM GMT

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ অবৈধ লোকসকলৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশৰ যিকোনো কোণত যিমান পৰিমাণৰ অবৈধ লোক আছে সকলোকে চিনাক্তকৰণ কৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ আধাৰত দেশৰ পৰা বহিস্কাৰ কৰা হ’ব ৷ বুধবাৰে ৰাজ্য সভাত অবৈধ নাগৰিকৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগ উত্থাপন কৰি কয় যে অসমত এন আৰ চি প্ৰক্ৰিয়া অব্যাহত আছে ৷ এন আৰ চি হৈছে অসম চুক্তিৰ অংশ ৷

ইফালে বিগত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ জেষ্ঠ্যনেতা অমিত শ্বাহে অসমৰ লক্ষীমপুৰ জিলাত এখন নিৰ্বাচনী ৰেলী সম্বোধন কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত কৈছিল যে আমি অসমক দ্বিতীয় কাশ্মীৰ হ’বলৈ নিদিওঁ। সেয়েহে মোডী চৰকাৰে এনআৰচি প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যসভাত কৈছিল যে কংগ্ৰেছৰ ৰাজীৱ গান্ধী চৰকাৰে এন আৰ চি স্বীকাৰ কৰিছিল ৷ কিন্তু শেষত এন আৰ চিৰ প্ৰক্ৰিয়াটোত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰে ৷

গতিকে সেই সময়ত যি সিদ্ধান্ত কৰা হৈছিল তাৰ পৰিপেক্ষিতত কাম কৰিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ ৷ সমাজবাদী দলৰ সদস্য জাভেদ আলীৰ এটি প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়া অন্যান্য ৰাজ্যতো আৰম্ভ হ’ব ৷ কেন্দ্ৰৰ নিৰ্বাচনী ইস্তাহাৰত অসমৰ পৰা অবৈধ লোকসকলক বহিস্কাৰ কৰা সন্দৰ্ভত উল্লেখ আছে।

ইফালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ২০১৮ বৰ্ষৰ ৩০ জুলাইত প্ৰকাশিত সূচীত ২.৯ কোটি লোকৰ নাম সন্নিবিষ্ট কৰা হৈছিল ৷আবেদন কৰিছিল ৩.২৯ কোটি লোকে । এন আৰ চিৰ সূচিৰ পৰা বাদ পৰিল ৪৪ লাখ লোকৰ নাম। অসমত এন আৰ চিৰ সম্পূৰ্ণ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈ আছে। ৩১ জুলাইত এন আৰ চি ৰ অন্তিম সূচী প্ৰকাশ পাব ৷

ইতিমধ্যে প্ৰকাশ পোৱা তালিকা খনত যিসকল লোকে পুনৰ আবেদন কৰিছিল , সেই সমূহ দাবী-আপত্তিৰ শুনানিৰ ফলাফল সমূহ সন্নিবিষ্ট নকৰে।উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ দিন ধাৰ্য কৰি দিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৩,২৯,৯১,৩৮৪ আবেদনৰ ভিতৰত এন আৰ চিত ২,৮৯,৮৩,৬৭৭ লোকৰ নাম সন্নিবিষ্ট হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক: উত্তৰ পূব আৰু জম্মু কাশ্মৰীক বিশেষ অগ্ৰাধিকাৰ দিব গৃহমন্ত্ৰী অমিত শ্বাহে

Next Story
চাকৰি