Begin typing your search above and press return to search.

উত্তৰ পূব আৰু জম্মু কাশ্মৰীক বিশেষ অগ্ৰাধিকাৰ দিব গৃহমন্ত্ৰী অমিত শ্বাহে

উত্তৰ পূব আৰু জম্মু কাশ্মৰীক বিশেষ অগ্ৰাধিকাৰ দিব গৃহমন্ত্ৰী অমিত শ্বাহে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jun 2019 6:18 AM GMT

উত্তৰ পূব আৰু জম্মু কাশ্মৰীক বিশেষ অগ্ৰাধিকাৰ দিব গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা অমিত শ্বাহে শনিবাৰে মন্তব্য কৰে যে উত্তৰ পূব আৰু জম্মু কাশ্মৰীক তেওঁ অগ্ৰাধিকাৰ দিব ৷নৰ্থ ব্লকত গৃহমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা পিছত গৃহ মন্ত্ৰী অমিত শ্বাহে মন্ত্ৰ্যালয়ৰ জেষ্ঠ্য নেতাসকলৰ লগত এক বৈঠক অনুষ্ঠিত কৰে ৷

বৈঠকখনত গৃহ সচিব ৰাজীৱ গাউবা,ইন্টেলিজেন্স ব্যুৰো মহানিৰ্দেশক ৰাজীৱ জৈন,ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেল শৈলেশ উপস্থিত আছিল ৷ গৃহ মন্ত্ৰ্যালয়ৰ জেষ্ঠ্য বিষয়াসকলে মন্তব্য কৰে যে অমিত শ্বাহে উত্তৰ পূব আৰু জম্মু কাশ্মৰীৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ গৃহ মন্ত্ৰ্যালয়ৰ জেষ্ঠ্য বিষয়াসকলৰ লগত সাক্ষাতৰ সময়ত দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ ইংগিত প্ৰদান কৰিলে গৃহ মন্ত্ৰী অমিত শ্বাহে ৷

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত অমিত শ্বাহে মন্তব্য কৰিছিল চৰকাৰে জম্মু কাশ্মৰীৰ অনুচ্ছেদ ৩৭০ ক বাতিল কৰিব আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷ ইফালে শনিবাৰে গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী জি কৃষাণ ৰেড্ডী আৰু নিত্যানন্দ ৰায়ক সম্বৰ্ধনা জনায় ৷ গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্যভাৰ গ্ৰহণ কৰা পিছতে টুইট কৰে যে দেশৰ সুৰক্ষা আৰু বিকাশ মোডী চৰকাৰৰ প্ৰধান কৰ্তব্য ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সম্পূৰ্ণ দায়িত্বক সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিব ৷ ইয়াৰ মাজতে জম্মু কাশ্মৰীৰ ৰাজ্যপাল সত্য পাল মালিকে শনিবাৰে নতুন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰে ৷সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যপাল সত্য পাল মালিকে কয় যে মালিকে জম্মু কাশ্মৰীৰ সমস্যা আৰু বিকাশৰ সন্দৰ্ভত অমিত শ্বাহক অৱগত কৰা হৈছে ৷ সম্প্ৰতি জম্মু কাশ্মৰীৰ পৰিস্থিতি পৰিৱৰ্তন হৈছে ৷

লগতে সন্ত্ৰাসবাদী সংগঠনসমূহৰ কাৰ্যকলাপ হ্ৰাস পাইছে ৷ অক্টোবৰ নবেম্বৰ মাহত হ’ব লগা বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত হিমালয়ী ৰাজ্যসমূহৰ সুৰক্ষা আৰু বিকাশত অধিক গুৰুত্ব প্ৰদান কৰিব ৷ অমিত শ্বাহ আৰু ৰাজ্যপাল মালিকে বিভিন্ন বিষয়সমূহৰ ওপৰত চৰ্চা কৰে ৷ উল্লেখ্য যে ৰাজ্যপাল সত্য পাল পালিকৰ উপৰিও এই বৈঠকখনত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিভেন্দ্ৰ সিং ৰাৱট,মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি বিদ্যাসাগৰ ৰাও,কেৰালা ৰাজ্যপাল পি সদাশিৱম উপস্থিত থাকে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি